গুৱাহাটী, ৮মাৰ্চ: চাইবাৰ অপৰাধীৰ বলি হ’ল জনীয়া সমষ্টিৰ এআইইউডিএফ’ৰ বিধায়ক ৰফিকুল ইছলাম । বিধায়কজনৰ একাউন্টৰ পৰা চাইবাৰ অপৰাধীয়ে লুটি নিলে ৯০ হাজাৰ টকা । কলিকতাৰ এটা SBI শাখাৰ পৰা লুটি নিলে এই ধন (Hacker looted money from Assam MLA's bank account)।
বিধায়কৰ একাউণ্টৰ পৰা চাইবাৰ অপৰাধীয়ে লুটিলে ধন - ৰফিকুল ইছলামৰ একাউন্ট হেক
চাইবাৰ অপৰাধীৰ বলি হ’ল বিধায়ক ৰফিকুল ইছলাম (Hacker looted money from Assam MLA's bank account) । বিধায়কজনৰ একাউন্টৰ পৰা চাইবাৰ অপৰাধীয়ে লুটি নিলে ৯০ হাজাৰ টকা।
ইতিমধ্যে এই ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈ কোনো তদন্ত হোৱা নাই বুলি অভোযোগ উত্থাপন কৰিছে ভুক্তভোগী বিধায়ক ৰফিকুল ইছলামে । সংবাদ মাধ্যমৰ আগত তেও কয়, ‘‘কোনোবা চাইবাৰ অপৰাধীয়ে কলিকতাৰ এটা SBI শাখাৰ পৰা দুটা মাহৰ ভিতৰত মোৰ একাউন্টৰ পৰা ৯০ হাজাৰ টকা লুটি লৈ গৈছে । এই বিষয়ে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে বেংকটোৰ সকলো তথ্য পাতি দিছো কিন্তু আজিলৈকে দিছপুৰ আৰক্ষী আৰু বেংকে কোনো ব্যৱস্থা নকৰিলে ৷’’
লগতে পঢ়ক:Arms and ammunition recovered: কোকৰাঝাৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ