অসম

assam

ETV Bharat / state

Fake WhatsApp account of Minister Bimal Bora: এইবাৰ চাইবাৰ অপৰাধীৰ জালত মন্ত্ৰী বিমল বৰা - মন্ত্ৰী বিমল বৰা

এইবাৰ চাইবাৰ অপৰাধীৰ লক্ষ্য হৈ পৰিছে কেবিনেট মন্ত্ৰী বিমল বৰা ৷ ভুৱা হোৱাটছএপ একাউণ্ট খুলি মন্ত্ৰীগৰাকীৰ নামত ধন দাবী(Minister Bimal Bora fake Whatsapp account) । উক্ত একাণ্টৰ জৰিয়তে ভিন্নজনৰ পৰা বিচাৰিছে ধন ৷

cyber-criminals-are-targeting-minister-bimal-bora
এইবাৰ চাইবাৰ অপৰাধীৰ জালত কেবিনেট মন্ত্ৰী

By

Published : Jul 11, 2022, 6:32 PM IST

গুৱাহাটী, 11 জুলাই : ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ জাল । এই জালৰ পৰা বাদ পৰা নাই সাধাৰণ ৰাইজ, মন্ত্ৰীৰ পৰা উচ্চ পদস্থ বিষয়ালৈকে । প্ৰায় প্ৰতিদিনে সংঘটিত হৈ আহিছে এনে বহু অপৰাধ ।

এইবাৰ চাইবাৰ অপৰাধীৰ জালত কেবিনেট মন্ত্ৰী

এইবাৰ প্ৰৱঞ্চকে লক্ষ্য কৰি লৈছে মন্ত্ৰী বিমল বৰাক ৷ চাইবাৰ অপৰাধীৰ জালত পৰিছে মন্ত্ৰী বিমল বৰা । মন্ত্ৰী বিমল বৰাৰ নামত এইবাৰ দুষ্ট চক্ৰই পেলাইছে প্ৰৱঞ্চনাৰ জাল । মন্ত্ৰীগৰাকীৰ নামত ভুৱা হোৱাটছআপ একাউণ্ট খুলি ধন দাবী (Minister Bimal Bora fake whatsapp account) কৰাত নামিছে । অনলাইনৰ জৰিয়তে ধন বিচাৰে এই চক্ৰটোৱে । ইতিমধ্য মন্ত্ৰীজনৰ নামত বহুজনৰ পৰা দুষ্ট চক্ৰটোৱে ধন সৰকাইছে বুলি অভিযোগ উঠিছে(Cyber criminals are targeting Minister Bimal Bora) ।

এইবাৰ চাইবাৰ অপৰাধীৰ জালত কেবিনেট মন্ত্ৰী

৭৭৮০৯১৫০৮৬ নম্বৰটো ব্যৱহাৰ কৰি দুষ্ট চক্ৰটোৱে বিভিন্ন ব্যৱসায়ী, বিষয়ালৈ ধন বিচাৰি মেচেজ প্ৰেৰণ কৰিছিল । ফোন কৰিবলৈ বাধা দি মেছেজত কথা পাতিবলৈ কোৱা হৈছিল । এই সন্দৰ্ভত দিছপুৰ থানাত মন্ত্ৰীগৰাকীয়ে এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক :ছাইবাৰ অপৰাধীৰ লক্ষ্য বিশ্বনাথ জিলাৰ উপায়ুক্ত: উপায়ুক্তৰ নামত ধন সংগ্ৰহৰ চেষ্টা

ABOUT THE AUTHOR

...view details