অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সমষ্টিত জাইকাৰ ফুটা পানীৰ‌‌ পাইপে কঢ়িয়াইছে শংকা - ফুটা পাইপৰ বাবে শংকা

Water explosion in Guwahati: জলবিস্ফোৰণৰ আশংকা মালিগাঁৱৰ বৰো বজাৰত । ছমাহ ধৰি গেমনে খোৱাপানী প্ৰকল্পৰ বাবে বহুওৱা পানীৰ পাইপ ফুটি থকাৰ পিচতো কাণসাৰ নাই কৰ্তৃপক্ষই ।

West Guwahati Water Supply Project
পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্প

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 5:55 PM IST

পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্প

গুৱাহাটী, ২ জানুৱাৰী: অসমক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ শাৰীলৈ লৈ যোৱাৰ কথা ফুলজাৰি মাৰি থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ সমষ্টিতে ৰাইজৰ সমস্যাক আওকান কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে । বছৰ বছৰ ধৰি ৰূপায়ণ হৈ থকা পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ সমষ্টিৰ অন্তৰ্গত মালিগাঁৱত এলেকাত ৰাইজে খোৱাপানী‌ নিয়মিতভাৱে পোৱাতো দূৰৈৰ কথা, এতিয়া মালিগাঁৱৰ বৰো বজাৰত ৰাস্তাত ফুটি থকা পানীৰ পাইপে বজাৰখনৰ ব্য়ৱসায়ীলৈ বিপদ কঢ়িয়াই আনিছে । যাৰ বাবে এতিয়া শংকাত ভুগিছে বৃহত্তৰ বজাৰখনৰ স্থানীয় ব্যৱসায়ীসকল ।

মহানগৰীৰ খাৰঘূলি আৰু ৰাজগড়ৰ নিচিনা জাইকা প্ৰকল্পৰ পানীৰ পাইপ ফুটি জলবিস্ফোৰণ হৈ ভয়ংকৰ পৰিস্থিতি কৰাৰ নিচিনা মালিগাঁৱৰ বৰো বজাৰতো সদৃশ ঘটনাৰ সৃষ্টি হোৱা আংশকা কৰিছে স্থানীয় লোক সকলে । এই সন্দৰ্ভত স্থানীয় ব্যৱসায়ী সম্ৰাট সাহাই কয় যে যোৱা ছমাহ ধৰি গেমনে খোৱাপানী প্ৰকল্পৰ বাবে বহুওৱা পানীৰ পাইপ ফুটি এনেদৰে দুৰ্ঘটনাৰ শংকাৰ সৃষ্টি কৰি আছে । বজাৰখনৰ প্ৰধান ৰাস্তাৰ কেইবাঠাতো এনদৰে পানীৰ পাইপ ফুটি পানী ওলায় আছে ।

এঠাইত বিদ্যুতৰ ট্ৰেন্সফৰ্মাৰৰ কাষত এনেদৰে পানীৰ পাইপ ফুটি পানী ওলাই আছে । ইয়ে ভয়ংকৰ দুৰ্ঘটনাৰ শংকাৰ সৃষ্টি কৰিছে । এই‌ক্ষেত্ৰত সংশ্লিষ্ট চৰকাৰী বিভাগক অভিযোগ দিয়া হৈছে যদিও কোনো গুৰুত্ব দিয়া নাই ।‌ এই সন্দৰ্ভত স্থানীয়‌ ব্যৱসায়ী ফনী সৰকাৰ, বান্টি পাল‌ আৰু দেৱজিত গোস্বামীয়ে একেমুখে এই সমস্যাটো শীঘ্ৰে সমাধান কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ।‌ তেওঁলোকে কয় যে এইক্ষেত্ৰত সংশ্লিষ্ট কোনো চৰকাৰী বিভাগ আনকি স্থানীয় জনপ্ৰতিনিধি কোনো গুৰুত্ব দিয়া নাই ।

লগতে পঢ়ক:বঙাইগাঁৱৰ নাককাটি পাহাৰত ডি এফ অ'ৰ নেতৃত্বত যুৱকক প্ৰহাৰ

ABOUT THE AUTHOR

...view details