নিউজ ডেস্ক,8 ছেপ্তেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তত মঙলবাৰে চিপিআইএমে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ অন্যান্য প্ৰান্তৰ দৰে নলবাৰীতো প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে ৷ অসম ৰাজ্যিক চিপিআইএম দলৰ আহ্বানমৰ্মে দলটোৰ নলবাৰী শাখাই চহৰখনৰ মাজমজিয়াত এক প্ৰতিবাদী সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে,জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন আৰু EIA 2020 বাতিল কৰাৰ দাবীৰে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদী দলটোৱে পৰিৱেশ উত্তাল কৰি তোলে ৷
নগাঁও:পৰৱৰ্তী নিৰ্বাচনত বিজেপিক গাদীচ্যুত কৰাৰ আহ্বান চিপিআইএমৰ ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যত আজিও অব্যাহত আছে প্ৰতিবাদ । মঙলবাৰে নগাঁও চহৰত এই আইন বাতিলৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে চিপিআই, চিপিআইএম আৰু আৰচিপিআই-য়ে ৷ নগাঁও কলেজ পইণ্টত দলকেইটা একত্ৰিত হৈ নাগৰিকত্ব সংশোধনী আইনৰ লগতে শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ।
জনীয়া: কলগাছিয়াতো নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত চিপিআই(এম) দলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ দলটোৰ তিতাপানী আৰু কলগাছিয়া আঞ্চলিক কমিটিৰ যৌথ উদ্যোগত অৰ্ধ শতাধিক দলীয় কৰ্মীয়ে ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে ৷