অসম

assam

ETV Bharat / state

এন আৰ চি কাৰ্যালয়ত চিপিআই(এম)ৰ প্ৰতিবাদ - ধৰ্ণা

এন আৰ চিৰ শুনানিৰ নামত অভাৱনীয় হাৰাশাস্তি আৰু অযুক্তিকৰ পুনৰীক্ষণ বন্ধৰ দাবীৰে চিপিআই এমৰ এন আৰ চি কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী

এন আৰ চি কাৰ্যালয়ত চিপিআই(এম)ৰ প্ৰতিবাদ

By

Published : Aug 6, 2019, 11:15 PM IST

এন আৰ চি কাৰ্যালয়ত চিপিআই(এম)ৰ প্ৰতিবাদ

গুৱাহাটী, 6 আগষ্ট : এন আৰ চিৰ শুনানিৰ নামত অভাৱনীয় হাৰাশাস্তি আৰু অযুক্তিকৰ পুনৰীক্ষণ বন্ধৰ দাবীৰে চিপিআই এমৰ এন আৰ চি কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৷ এন আৰ চিক লৈ বৰ্তমান সকলোতে চলি আছে প্ৰতিবাদ আৰু সমালোচনা ৷ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত হ'বলৈ যোৱা এন আৰ চিৰ নামত সাধাৰণ জনতাক হাৰাশাস্তি কৰাৰ অভিযোগ আনিছে ভাৰতৰ কমিউনিষ্ট পাৰ্টি(এম)য়ে ৷ এন আৰ চি কৰ্তৃপক্ষই হঠাতে হাজাৰ হাজাৰ পৰিয়ালক জাননী জাৰি কৰিছে ৷ যাৰ ফলত হাজাৰ হাজাৰ পৰিয়ালে 400 কিলোমিটাৰ দুৰত্বত গৈ শুনানি শুনিব লগীয়া অৱস্থাত পৰিছে। উল্লেখযোগ্য নামনি অসমৰ বহুতো মানুহ শুনানিৰ বাবে যাব লগা হৈছে উজনি অসমলৈ ৷ অসমৰ জনসংখ্যা অনুপাতে ব্যৱস্থা কৰা হোৱা নাই পৰ্যাপ্ত শুনানি কেন্দ্ৰ ৷ ফলত বানপানীৰ পিছত আৰ্থিক ভাৱে দুৰ্বল এই লোকসকলে এন আৰ চিৰ শুনানিৰ নামত ভোগ কৰিছে হাৰাশাস্তি ৷ এন আৰ চি কৰ্তৃপক্ষৰ কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি এন আৰ চি কাৰ্যলয়ৰ সন্মুখত ধৰ্ণাত বহে দলটোৰ কৰ্মকৰ্তাসকল ৷ লগতে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক এই সন্দৰ্ভত এখন স্মাৰক পত্ৰও প্ৰদান কৰে চি পি আই এমে।

ABOUT THE AUTHOR

...view details