অসম

assam

অসমত COVID আক্ৰান্তই অতিক্ৰম কৰিলে 6000ৰ সীমা

By

Published : Jun 24, 2020, 3:43 AM IST

Updated : Jun 24, 2020, 7:11 AM IST

অসমত মঙলবাৰে নিশা ধৰা পৰে 203 জনৰ দেহত কৰ'ণা ভাইৰাছ ৷ তাৰ পাচতেই ৰাজ্যখনত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 6000ৰ সীমা ৷

অসমত COVID আক্ৰান্তই অতিক্ৰম কৰিলে 6000 ৰ সীমা
অসমত COVID আক্ৰান্তই অতিক্ৰম কৰিলে 6000 ৰ সীমা

নিউজ ডেস্ক, 24 জুনঃ এতিয়াও সমগ্ৰ বিশ্বৰ লগতে অসমতো অব্যাহত আছে কৰ'ণাৰ ত্ৰাস ৷ প্ৰতিদিনেই বৃদ্ধি পাই আছে অসমত আক্ৰান্ত লোকৰ সংখ্যা ৷ মঙলবাৰে নিশাৰ ভাগত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 6000 ৰ সীমা ৷ অসমৰ স্বাস্থ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই টুইটৰ জৰিয়তে প্ৰকাশ কৰি অসমত নতুনকৈ 203 জন COVID-19 পজিটিভ ৰোগী চিনাক্ত হোৱাৰ কথা অৱগত কৰে ৷

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা টুইট অনুসৰি অসমত মুঠ আক্ৰান্তৰ সংখ্যা 6056 গৰাকী, তাৰে ভিতৰত আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা 3767 গৰাকী, এতিয়াও আক্ৰান্ত হৈ থকা ৰোগীৰ সংখ্যা 2282 গৰাকী, মৃত্যু হোৱা ৰোগীৰ সংখ্যা 9 গৰাকী আৰু প্ৰৱজৰ ৰোগী 3 গৰাকী ৷

লগতে পঢ়কঃ বৰপেটা মেডিকেল কলেজ হাস্পতালৰ 9 গৰাকীক কোৱাৰেন্টাইন

Last Updated : Jun 24, 2020, 7:11 AM IST

ABOUT THE AUTHOR

...view details