গুৱাহাটী, 18 জানুৱাৰী :অৱনতি ঘটিছে ৰাজ্যৰ কৰ’ণা পৰিস্থিতিৰ ৷ স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য মতে, ৰাজ্যৰ আঠখন জিলাত ক’ভিড পৰিস্থিতি জটিলৰ দিশে (covid situation is critical in eight districts of assam) গতি কৰিছে ৷ ৰাজ্যৰ ক’ভিড পৰিস্থিতি জটিলৰ দিশে গতি কৰা জিলাকেইখন হৈছে ক্ৰমে ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ, যোৰহাট, বৰপেটা, গোলাঘাট, কৰিমগঞ্জ আৰু নগাঁও জিলা ৷
স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ডিব্ৰুগড়ত ৪৮৯ গৰাকী, তিনিচুকীয়াত ৪০৭ গৰাকী, কাছাৰত ৩৭২ গৰাকী, যোৰহাটত ৩৬৫ গৰাকী, বৰপেটাত ২৬২ গৰাকী, গোলাঘাটত ২০৩ গৰাকী, কৰিমগঞ্জত ৩১২ গৰাকী, ধুবুৰীত ২২৯ গৰাকী আৰু নগাঁও জিলাত ২৪৪ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে ৷
লক্ষণীয় যে, তিনিচুকীয়া, কাছাৰ, যোৰহাট, বৰপেটা, গোলাঘাট, কৰিমগঞ্জ, ধুবুৰী আৰু নগাঁও জিলাত এদিন আগলৈ দৈনিক ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা ১০০ জনৰ তলত আছিল ৷ মাত্ৰ এদিনতে এই জিলাকেইখনত ক’ভিড 19 ত আক্ৰান্ত লোকৰ সংখ্যা ২০০ ৰ অতিক্ৰম কৰিছে ৷