গুৱাহাটী, 29 জুনঃগুৱাহাটী মহানগৰীৰ 31 টা ৱাৰ্ডত স্থাপন কৰা হৈছে একোটাকৈ COVID ক্ৰীনিং কেন্দ্ৰ ৷ সোমবাৰে মুকলি কৰা হয় আটাইকেইটা কেন্দ্ৰ ৷ 1 নং ৱাৰ্ডৰ সাতমাইলস্থিত জালুকবাৰী ছোৱালী উচ্চ ইংৰাজী বিদ্যালয়ত স্থাপিত COVID কেন্দ্ৰটো আজি পৰিদৰ্শন কৰে কামৰূপ (মেট্ৰ') জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷
মহানগৰীৰ 31টা ৱাৰ্ডত মুকলি একোটাকৈ COVID ক্ৰীনিং কেন্দ্ৰ - মহানগৰীৰ 31টা ৱাৰ্ড
সোমবাৰে গুৱাহাটীৰ 31 টা ৱাৰ্ডতে একোটাকৈ COVID ক্ৰীনিং কেন্দ্ৰ মুকলি কৰা হয় ৷ কোনো লোকে যদি শাৰিৰীক অসুস্থতা অথবা কৰ'ণা সম্বন্ধীয় কোনো লক্ষণৰ দ্বাৰা আক্ৰান্ত হয় তেন্তে, তেওঁলোকে এই কেন্দ্ৰসমূহত আহি স্বাস্থ্য পৰীক্ষা কৰিব পাৰিব বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্তই ৷
উপায়ুক্ত গৰাকীয়ে সংবাদ মাধ্যমযোগে প্ৰকাশ কৰা মতে, কোনো লোকে যদি শাৰিৰীক অসুস্থতা অথবা কৰ'ণা সম্বন্ধীয় কোনো লক্ষণৰ দ্বাৰা আক্ৰান্ত হয় তেন্তে তেওঁলোকে এই কেন্দ্ৰসমূহত আহি স্বাস্থ্য পৰীক্ষা কৰিব পাৰিব ৷ তাৰ পৰৱৰ্তী সময়ত প্ৰয়োজন সাপেক্ষে ভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ তদুপৰি প্ৰতিটো কেন্দ্ৰতে দুখনলৈ এম্বুলেঞ্চৰ ব্যৱস্থা কৰা হৈছে ৷ আনহাতে স্বাৱ পৰীক্ষাৰ নমুনা নহালৈ স্বাস্থ্য পৰীক্ষা কৰা লোকসকল হোম কোৱাৰেণ্টাইনত থাকিব লাগিব বুলিও উল্লেখ কৰে উপায়ুক্ত গৰাকীয়ে ৷
লগতে পঢ়কঃভাৰতত COVID-19ৰ শেহতীয়া পৰিসংখ্য়া