অসম

assam

ETV Bharat / state

গুৱাহাটী মহানগৰীত ক’ভিড সংক্ৰমণৰ সংখ্যা ক্ৰমাৎ উৰ্ধমুখী - ক’ভিড

17 দিনৰ অন্তত গুৱাহাটী মহানগৰীত এদিনত ক’ভিড (Covid)ত আক্ৰান্ত 2 শতাধিক লোক । যাক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ । এই সংখ্যা আৰু অধিক বৃদ্ধি পালে গুৱাহাটীৰ শিথিলতাত পুনৰ বাধা আৰোপ হোৱাৰ সম্ভাৱনা আছে । বিগত 24 ঘণ্টাত ৰাজ্যখনত 2,433 গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 34 গৰাকীৰ । সংক্ৰমণৰ হাৰ হৈছে 2.43 শতাংশ ।

guwahati covid
গুৱাহাটী মহানগৰীত ক’ভিড সংক্ৰমণ

By

Published : Jul 8, 2021, 8:09 AM IST

গুৱাহাটী, 8 জুলাই : গুৱাহাটী (Guwahati) মহানগৰীত ক’ভিড (Covid) পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছিল যদিও পুনৰ বেয়াৰ ফালে ঢাল খোৱা পৰিলক্ষিত হৈছে । আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ উৰ্ধমুখী হোৱাৰ দিশে গতি কৰিছে । 17 দিনৰ অন্তত গুৱাহাটী মহানগৰীত ক’ভিডত আক্ৰান্তৰ সংখ্যা 2 শতাধিকলৈ বৃদ্ধি পাইছে । বিগত 24 ঘণ্টাত গুৱাহাটীত 203 গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে ক’ভিডত ।

গুৱাহাটী মহানগৰীত ক’ভিড সংক্ৰমণ

চৰকাৰী তথ্য অনুসৰি, বিগত 18 জুনত গুৱাহাটীত ক’ভিডত আক্ৰান্ত হৈছিল 204 গৰাকীকৈ লোক । ইয়াৰ পাচত 19 জুনত 199 গৰাকী, 20 জুনত 133 গৰাকী, 24 জুনত 162 গৰাকী, 27 জুনত 149 গৰাকী, 30 জুনত 137 গৰাকী, 1 জুলাইত 176 গৰাকী, 2 জুলাইত 186 গৰাকী, 3 জুলাইত 168 গৰাকী, 4 জুলাইত 140 গৰাকী আৰু 5 জুলাইত 197 গৰাকী লোক আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে । কিন্তু বিগত 24 ঘণ্টাত গুৱাহাটীত আক্ৰান্তৰ সংখ্যাই পুনৰ 17 দিন পাচত 200 ঘৰ অতিক্ৰম কৰিলে । ইয়াকে লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যিক স্বাস্থ্য বিভাগ ।

গুৱাহাটী মহানগৰীত ক’ভিড সংক্ৰমণ

এই সংখ্যা আৰু অধিক বৃদ্ধি পালে গুৱাহাটীৰ শিথিলতাত পুনৰ বাধা আৰোপ হোৱাৰ সম্ভাৱনা আছে । কাৰণ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা জিলাসমূহত স্বাস্থ্য বিভাগে পুনৰ কঠোৰতা অৱলম্বন কৰা দেখা গৈছে । বিগত 24 ঘণ্টাত ৰাজ্যখনত 2,433 গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে 34 গৰাকীৰ মৃত্যু হৈছে ।

সংক্ৰমণৰ হাৰ হৈছে 2.43 শতাংশ । সোমবাৰে আক্ৰান্তৰ হাৰ আছিল 2.27 শতাংশ । আক্ৰান্তৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে । ইফালে বিগত 24 ঘণ্টাত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে 1,745 গৰাকী লোকে ।

গুৱাহাটী মহানগৰীত ক’ভিড সংক্ৰমণ

আৰোগ্যৰ হাৰ হৈছে 94.45 শতাংশ । আনহাতে মৃত্যুৰ হাৰ হৈছে 0.90 শতাংশ । সেইদৰে বিগত দহ দিনত গোলাঘাট জিলাত 2,715 গৰাকী, শোণিতপুৰ জিলাত 1,787, গুৱাহাটী মহানগৰীত 1,669 গৰাকী, যোৰহাট জিলাত 1,654 গৰাকী, লখিমপুৰ জিলাত 1,348 গৰাকী, ডিব্ৰুগড় জিলাত 1,192 গৰাকী, নগাঁও জিলাত 1,154 গৰাকী আৰু বিশ্বনাথ জিলাত 1,099 গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে ।

ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ 7 খন জিলা- যোৰহাট, গোৱালপাৰা, গোলাঘাট, লখিমপুৰ, মৰিগাঁও, বিশ্বনাথ আৰু শোণিতপুৰত সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন (Containment Zone) ঘোষণা কৰা হৈছে । সম্প্ৰতি আন কেইবাখনো জিলাৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে স্বাস্থ্য বিভাগে । পৰিস্থিতি অধিক বেয়া হ’লে আন জিলাসমূহকো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিব পাৰে স্বাস্থ্য বিভাগে ৷

লগতে পঢ়ক :শিৱসাগৰত ভুৱা মাইক্ৰ’ ফাইনেঞ্চ কোম্পানীৰ দুই বিষয়া আটক

ABOUT THE AUTHOR

...view details