নিউজ ডেস্ক, 3 ফেব্ৰুৱাৰী :ৰাজ্যত বুধবাৰে পুনৰ নতুনকৈ 1,028 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড 19ৰ অৱস্থিতি ৷ আনহাতে মৃত্যু হয় 18 জন লোকৰ ৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ভিডত আক্ৰান্তৰ সংখ্যা(Covid active Cases in Assam) 7,18,920 গৰাকীলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 6,499 গৰাকীলৈ বৃদ্ধি পাইছে(Covid death toll in Assam) ৷ বৰ্তমান সংক্ৰিয় হৈ আছে 15,178 টা ঘটনা ৷ পজিটিভিটি হাৰ হৈছে 3.08 ৷
কামৰূপ মহানগৰীত সৰ্বাধিক 254 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ৰণাৰ অৱস্থিতি ৷ ইয়াৰ পাছতেই ক্ৰমে লখিমপুৰত 61 গৰাকী, কামৰূপ গ্ৰাম্যত 48 গৰাকী আৰু গোৱালপাৰাত 46 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ আনহাতে, কামৰূপ মহানগৰত 7 গৰাকী, দৰং, ডিব্ৰুগড়, গোলাঘাটত 2 গৰাকীকৈ আৰু বঙাইগাঁও, কাছাৰ, কামৰূপ গ্ৰাম্য, কৰিমগঞ্জত এজনকৈ লোকৰ মৃত্যু হয় ক’ভিডত ৷