অসম

assam

ETV Bharat / state

বিহু উদযাপনৰ ক্ষেত্রত ক’ভিড-19 ৰ নীতি-নিৰ্দেশনা জাৰি - বিহু উদযাপন

এইবাৰ উলহ-মালহেৰে বিহু উদযাপন কৰিব পাৰিব বুলি সকলোৱে আশা কৰি আছে যদিও ইতিমধ্যেই ক'ৰনাৰ দ্বিতীয় ঢৌ আৰম্ভ হৈছে । যাৰ পৰিপ্ৰেক্ষিতত আজি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে বিহু উদযাপনক লৈ গাইডলাইন প্ৰকাশ কৰিছে। বিভাগে বিহু উদযাপনৰ ক্ষেত্রত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে ।

বিহু উদযাপনৰ ক্ষেত্রত ক’ভিড-19 ৰ নীতি-নিৰ্দেশনা জাৰি
বিহু উদযাপনৰ ক্ষেত্রত ক’ভিড-19 ৰ নীতি-নিৰ্দেশনা জাৰি

By

Published : Apr 9, 2021, 10:29 PM IST

গুৱাহাটী,9 এপ্ৰিল : অসমীয়াৰ বাপটিসাহোন বহাগ বিহুলৈ মাজত মাত্র কেইটামান দিন বাকী । বিগত বৰ্ষত ক'ৰনাৰ বিভীষিকা আৰু লকডাউনৰ বাবে ৰাজ্যবাসীয়ে ৰঙালীৰ ৰঙত মতলীয়া হ'ব পৰা নাছিল ।

এইবাৰ উলহ-মালহেৰে বিহু উদযাপন কৰিব পাৰিব বুলি সকলোৱে আশা কৰি আছে যদিও ইতিমধ্যেই ক'ৰণাৰ দ্বিতীয় ঢৌ আৰম্ভ হৈছে। যাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে বিহু উদযাপনক লৈ গাইডলাইন প্ৰকাশ কৰিছে ।

বিভাগে বিহু উদযাপনৰ ক্ষেত্রত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জাৰি কৰা নীতি-নিৰ্দেশনা অনুসৰি -

বিহু উদযাপন সমিতিয়ে নিজ নিজ জিলা প্ৰশাসনৰ পৰা অনুমতি ল’ব লাগিব। উদ্যোক্তাই বিহুৰ সাংস্কৃতিক অনুষ্ঠানত কিমান লোক হ'ব পাৰে তাৰ এটা আনুমানিক সংখ্যাৰ লগতে অনুষ্ঠানস্থলীত কিমান লোক সমবেত হ'ব পাৰিব সেই বিষয়ে জনাব লাগিব ।

  • বিহুৰ যিকোনো অনুষ্ঠান নিশা ১১ বজাৰ পূৰ্বে শেষ কৰিব লাগিব ।

  • আয়োজন সমিতিৰ সৈতে জড়িত সকলোৱে অনুষ্ঠানৰ তিনিদিন পূৰ্বে আৰু অনুষ্ঠানৰ অন্তত ক'ভিড টেষ্ট কৰিব লাগিব ।

  • বিহুৰ অনুষ্ঠান অনুষ্ঠিত হ’বলগীয়া ঠাইখন চাৰিওফালৰ পৰা খোলা হ’ব লাগিব ।

  • শাৰিৰীক দূৰত্ব যাতে বৰ্তাই ৰাখিব পাৰি তাৰ বাবে অনুষ্ঠান ক্ষেত্ৰত পৰ্যাপ্ত স্থান থাকিব লাগিব ।

  • অনুষ্ঠানস্থলীত কেইবাখনো প্ৰৱেশদ্বাৰ আৰু প্ৰস্থানদ্বাৰ ব্যৱস্থা কৰিব লাগিব ।

  • উদযাপন সমিতিয়ে দায়িত্ব সহকাৰে প্ৰতিগৰাকী দৰ্শকৰে শৰীৰৰ উষ্ণতা জোখাৰ ব্যৱস্থা কৰিব লাগিব।
    সামাজিক দূৰত্ব বৰ্তাই ৰাখি দৰ্শকৰ বহাৰ ব্যৱস্থা কৰিব লাগিব ।

  • দৰ্শকে সামাজিক দূৰত্ব মানি চলা, মাস্ক পৰিধান কৰা আদি ক'ভিড প্ৰটক'লসমূহ মানি চলিছে নে তাৰ প্ৰতি আয়োজক সমিতিয়ে নজৰ ৰাখিব লাগিব। ইয়াৰ বাবে অতিৰিক্তভাৱে স্বেচ্ছাসেৱক নিয়োগ কৰিবলৈ আয়োজক সমিতিৰ প্ৰতি আহ্বান জনোৱা হৈছে ।

  • প্ৰৱেশদ্বাৰত চেনিটাইজাৰৰ ব্যৱস্থা থাকিব লাগিব ।
  • প্ৰতিদিনে অনুষ্ঠানস্থলী দুবাৰকৈ চেনিটাইজ কৰিব লাগিব ।

  • প্ৰিন্ট, ইলেক্টনিক আৰু সামজিক মাধ্যমৰ লগত জড়িত সকলো লোকেই মাস্ক পিন্ধাৰ লগতে ক'ভিডৰ প্ৰয়োজনীয় নিয়মসমূহ পালন কৰিব লাগিব ।
  • আয়োজক সমিতিৰ সদস্যসকলে অনুষ্ঠানস্থলীত জনসাধাৰণক টিকাকৰণ কৰাৰ প্ৰতি উৎসাহ জনোৱা আৰু প্ৰয়োজনীয় আচৰণ বিধি অনুসৰণ কৰিবলৈ অনুপ্ৰেৰণা যোগোৱা কথাৰে বেনাৰ তথা পোষ্টাৰ লগাব লাগিব ।
    বিহু উদযাপনৰ ক্ষেত্রত ক’ভিড-19 ৰ নীতি-নিৰ্দেশনা জাৰি


উল্লেখ্যে বিগত কিছুদিনৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ক'ৰণা ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। ব’হাগ বিহুলৈ কেইটামান দিন বাকী থকা অৱস্থাত ক'ৰনাৰ সংক্ৰমণে স্বাভাৱিকতে চিন্তিত কৰি তুলিছে ৰাজ্যবাসীক। অৱশ্যে ক'ৰণাক লৈ শংকিত হোৱাৰ পৰিৱৰ্তে সজাগ-সচেতন হোৱাৰ আহ্বান জনাই স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বিহু উদযাপনত কোনো বাধা নাই বুলি সদৰি কৰিছে । লগতে তেওঁ অসমত কৰ’ণাৰ বাবে নৈশ সান্ধ্য আইন নাইবা লকডাউন দিয়া নহয় বুলি স্পষ্ট কৰি দিছে ।

লগতে পঢ়ক:বজালীত ছয় গৰাকী ব্যক্তিৰ দেহত কৰণা’ৰ অৱস্থিতি

ABOUT THE AUTHOR

...view details