গুৱাহাটী, 10 আগষ্ট : ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ চৰকাৰ তথা স্বাস্থ্য বিভাগ সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই কৰ'ণাৰ গণ সংক্ৰমণ ৷
মহামাৰী কৰ'ণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষত শক্তিপীঠ কামাখ্যা ধামত দেওধনী মেলা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই ৷ এই কথা ইটিভি ভাৰতক অৱগত কৰিলে কামাখ্যা দেৱালয়ৰ দলৈ মোহিত শৰ্মাই ৷
কৰ'ণাৰ বাবে চলিত বৰ্ষত কামাখ্যা ধামত অনুষ্ঠিত নহয় দেওধনী মেলা ইফালে, 17 আগষ্টৰ পৰা শক্তিপীঠ কামাখ্যাত অনুষ্ঠিত কৰা হ'ব মনসা পূজা ৷ পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা হ'ব যদিও দৰ্শনাৰ্থীৰ বাবে প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ থাকিব দেৱালয়ত ৷ আনহাতে, চলিত বৰ্ষত কৰ'ণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ভক্তৰ সমাগম হোৱা যিকোনো অনুষ্ঠান অনুষ্ঠিত নকৰে দেৱালয় কৰ্তৃপক্ষই ৷
কৰ'ণাৰ বাবে চলিত বৰ্ষত কামাখ্যা ধামত অনুষ্ঠিত নহয় দেওধনী মেলা উল্লেখ্য যে, বৰ্তমান দৰ্শনাৰ্থীৰ বাবে বন্ধ হৈ থকা কামাখ্যা ধাম দৰ্শনাৰ্থীৰ বাবে খোলা হ'ব নে নহ'ব সেয়া মনসা পূজাৰ পিচতহে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : লক্ ডাউনতে বিভিন্ন লোকবাদ্য নিৰ্মাণ কৰিলে এগৰাকী চৰকাৰী চাকৰিয়ালে