নিউজ ডেস্ক, 15 ছেপ্টেম্বৰ :দেশত অব্যাহত আছে ক’ৰণাৰ সংক্ৰমণ ৷ মঙলবাৰে পুনৰ দেশত ২৭,১৭৬ গৰাকী নতুনকৈ ক’ভিড 19 ত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হয় ২৮৪ গৰাকী ৷ ইয়াৰ লগতে ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা 3,25,22,171 গৰাকীলৈ আৰু মৃতকৰ সংখ্যা ৪,৪৩,৪৯৭ গৰাকীলৈ বৃদ্ধি পাইছে ।
আনহাতে, বৰ্তমানেও সক্ৰিয় হৈ আছে ৩,৫১,০৮৭ টা ঘটনা । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে পুৱা প্ৰকাশ কৰে এই তথ্য ৷