অসম

assam

By

Published : May 20, 2020, 5:48 PM IST

ETV Bharat / state

COVID19ৰ প্ৰভাৱত ৰাজ্যত স্তব্ধ ন্যায়ালয়ৰ কাম-কাজ!

বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰ বিহীন ভাৱে ৩১ মাৰ্চ পৰ্যন্ত ৩৬২৬৪ টা গোচৰ নিষ্পতিবিহীন ভাৱে পৰি আছে। ইয়াৰে চিভিল কেছ ২৮৯৯০ টা আৰু অপৰাধ মূলক গোচৰ ৭১৮৭ টাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ত ক'হিমাৰ গোচৰ ৪৬২টা ,আইজলৰ ৪৬৮ টা, ইটানগৰৰ ১১৬৮ টা গোচৰ ৩১ মাৰ্চ ২০২০ পৰ্যন্ত নিষ্পতিবিহীন ভাৱে পৰি আছে।

COVID 19 impact in Court
৩৬২৬৪ টা গোচৰ নিষ্পতিবিহীন ভাৱে পৰি আছে

গুৱাহাটী,20মে':দীঘলীয়া পৰ্যায়ৰ লক ডাউনৰ ফলত এতিয়া প্ৰভান্বিত হৈছে ন্যায় ব্যৱস্থাৰ লগতে এই প্ৰক্ৰিয়াৰ সৈতে জড়িত অধিবক্তা সকল। কাৰণ একপ্ৰকাৰৰ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে আইনী কাম কাজ। যাৰ ফলত এতিয়া সমস্যাত পৰিছে একাংশ অধিবক্তাৰ লগতে ন্যায়ৰ অপেক্ষাত থকা একাংশ লোক। উল্লেখ যোগ্য যে বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰ বিহীন ভাৱে ৩১ মাৰ্চ পৰ্যন্ত ৩৬২৬৪ টা গোচৰ নিষ্পতিবিহীন ভাৱে পৰি আছে। ইয়াৰে চিভিল কেছ ২৮৯৯০ টা আৰু অপৰাধ মূলক গোচৰ ৭১৮৭ টাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ত ক'হিমাৰ গোচৰ ৪৬২টা ,আইজলৰ ৪৬৮ টা, ইটানগৰৰ ১১৬৮ টা গোচৰ ৩১ মাৰ্চ ২০২০ পৰ্যন্ত নিষ্পতিবিহীন ভাৱে পৰি আছে।

প্ৰতিগৰাকী অধিবক্তাক 5000 টকাকৈ এককালীন সাহাৰ্য

জানিব পৰা মতে, প্ৰায় দুমাহ ধৰি বন্ধ হৈ থকাৰ ফলত এই গোচৰ সমূহৰ পৰিমাণ ৭৫০০ হাজাৰৰো অধিক গোচৰ নিষ্পতিবিহীন ভাৱে পৰি থকাৰ ধাৰণা কৰিব পাৰি। আনহাতে নিম্ন আদালত সমূহতো ব্যাপক ভাৱে প্ৰভাৱ পৰিছে এই সময়চোৱাত। সমগ্ৰ ৰাজ্যৰ নিম্ন আদালত সমূহত প্ৰতিদিনে প্ৰায় এহেজাৰৰো অধিক গোচৰ ৰুজু কৰা হয়। এনে সময়ত উচ্চ ন্যায়ালয়ে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি ভিডিঅ' কনফাৰেন্স যোগেৰে গোচৰ নিষ্পতি কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে যদিও নিম্ন আদালত সমূহত এনে ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰা পৰিলক্ষিত হোৱা নাই। আনহাতে এই সমগ্ৰ বিষয়ৰ ওপৰত ৰাজ্যৰ আগশাৰীৰ জেষ্ঠ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰে ই টিভি ভাৰতৰ সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে, COVID19ৰ বাবে ন্যায় ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱা নাই ৷ ভিডিঅ' কনফাৰেন্সযোগে তথা ভাৰ্চুৱেল ক'ৰ্ট ৰ জৰিয়তে তীব্ৰ গতিত নহ'লেও লেহেমীয়া গতিত গোচৰৰ প্ৰক্ৰিয়া সমূহ চলি আছে ৷ ইয়াৰ লগতে ভিডিঅ' কনফাৰেন্স তথা ভাৰ্চুৱেল ক'ৰ্টত কেনেদৰে গোচৰ প্ৰক্ৰিয়া সমূহ চলাব লাগে তাৰবাবে ইতিমধ্যে ন্যায়ালয়ৰ অ'ফিচিয়েল ৱেব চাইটত বিভিন্ন নিয়মাৱলীসমূহ উল্লেখ কৰাৰ কথাও জানিবলৈ দিয়ে জেষ্ঠ অধিবক্তা গৰাকীয়ে ৷ ৰাজ্যৰ আন এগৰাকী আগশাৰীৰ জ্যেষ্ঠ অধিবক্তা এছ চি বৈশ্যই ই টিভি ভাৰতৰ সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে,অধিবক্তা সকলৰ কোনো আৰ্থিক নিৰাপত্তা নাই৷ যাৰ বাবে দৈনিক হাজিৰা কৰাৰ দৰেই হয় অধিবক্তাৰ পেছাত৷ ফলত এতিয়া লক ডাউনৰ প্ৰভাৱত 70 শতাংশতকৈও অধিক অধিবক্তা আৰ্থিকভাৱে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ৷

ইপিনে কৰ'ণা ভাইৰাছৰ আতংকৰ সময়ত তথা লক ডাইনৰ এই জটিল সময়ত আৰ্থিকভাৱে জুৰুলা অধিবক্তা সকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে বাৰ কাউন্সিল অফ্ ইণ্ডিয়া। বাৰ কাউন্সিলৰ উত্তৰ-পূৱৰ অধ্যক্ষ এইছ. আৰ. এ চৌধুৰীয়ে প্ৰতিগৰাকী অধিবক্তাক 5000 টকাকৈ এককালীন সাহাৰ্য দিয়াৰ কথা জানিবলৈ দিয়ে ৷ ইয়াৰ উপৰি অধিবক্তা সকলৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰে বাৰ কাউন্সিলৰ উত্তৰ-পূৱৰ অধ্যক্ষগৰাকীয়ে৷

লগতে পঢ়কঃদিহিং পাটকাইত হাত নিদিব: আলফা স্বাধীন

ABOUT THE AUTHOR

...view details