গুৱাহাটী, ৯ এপ্ৰিলঃ এই সময় অতি স্পৰ্শকাতৰ আৰু ভয়ানক । গতিকে সমাজৰ প্ৰতিগৰাকী লোক যদি নিজে সচেতন হৈ নাথাকে তেন্তে বিপদ অনিবাৰ্য । লক ডাউন চলি থকাৰ মাজতে বৃহস্পতিবাৰে ৰাজ্যৰ ১৬ টা ভিন ভিন ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বীৰে এক আলোচনাত মিলিত হৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
COVID-19: ১৬ টা ধৰ্মীয় অনুষ্ঠানৰ মূৰব্বীৰ সৈতে বৈঠক মুখ্যমন্ত্ৰীৰ - COVID-19: ১৬ টা ধৰ্মীয় অনুষ্ঠানৰ মূৰব্বীৰ সৈতে বৈঠক মুখ্যমন্ত্ৰীৰ
বৃহস্পতিবাৰে ৰাজ্যৰ ১৬ টা ভিন ভিন ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বীৰে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । এই সময়ত ধৰ্মীয় কাৰ্যসূচী, প্ৰাৰ্থনা, উপাসনা আদিৰ বাবে যাতে কোনেও উপাসনাথলী সমূহত একত্ৰিত নহয় তাৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ।
অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই বৈঠকত ভাগ লৈ ধৰ্মীয় অনুষ্ঠান সমূহৰ মুৰব্বী সকলক মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় যে, এই সময়ত ধৰ্মীয় কাৰ্যসূচী, প্ৰাৰ্থনা, উপাসনা আদিৰ বাবে যাতে কোনেও উপাসনাথলী সমূহত একত্ৰিত নহয় । সকলো ধৰ্মৰ লোকে নিজ নিজ ঘৰতে যাতে প্ৰাৰ্থনা বা উপাসনা কৰে তাৰ বাবে আহ্বান জনাবলৈও সোণোৱালে ধৰ্মীয় নেতাসকলক অনুৰোধ জনায় ।
বিশেষকৈ লক ডাউন যাতে কোনো কাৰণতে কোনেও ভংগ নকৰে তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে । বৈঠকত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তও উপস্থিত থাকে ।