অসম

assam

By

Published : Jan 22, 2020, 12:02 AM IST

ETV Bharat / state

বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ অনশন

বুধবাৰে উচ্চতম ন্যায়ালয় খোলা সময় ৰাতিপুৱা ১০ বজাৰ পৰা বন্ধ হোৱা সময় সন্ধিয়া ৫ বজালৈকে এই সময় খিনিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজেও হাতত লৈছে অনশন কাৰ্যসূচী ৷

Cotton University Student protest on Wednesday
বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ অনশন

গুৱাহাটী,21 জানুৱাৰীঃ ২২ জানুৱাৰী অৰ্থাৎ বুধবাৰে উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ ৷ ইয়াক লৈ কটন বিশ্ববিদ্যালয়ৰ ছাত্র সমাজেও হাতত লৈছে অনশন কাৰ্যসূচী ৷ মঙ্গলবাৰে এই কথা জানিব দিয়ে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে ৷ সম্পাদক গৰাকীয়ে কয় যে, 'কাইলৈ উচ্চতম ন্যায়ালয় খোলা সময় ৰাতিপুৱা ১০ বজাৰ পৰা বন্ধ হোৱা সময় সন্ধিয়া ৫ বজালৈকে এই সময় খিনিত আমি অনশন কাৰ্যসূচী হাতত লৈছোঁ । লগতে আমাৰ এই অনশনলৈ অসমৰ বৌদ্ধিক সমাজৰ সকলো লোককে আমন্ত্ৰণ জনাইছোঁ ।'

বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ অনশন

ABOUT THE AUTHOR

...view details