গুৱাহাটী, 30 নৱেম্বৰ: "আজিৰ ছাত্ৰ কাইলৈ দেশৰ নাগৰিক" এই কথাষাৰ অনুকৰণ কৰি ৰাজ্যখনক বহিৰাগতৰ পৰা মুক্ত কৰিবলৈ চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শনিবাৰে হাতে হাতে জোৰ লৈ মহানগৰীৰ ৰাজপথলৈ ওলাই আহে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেব বিৰোধী একাংশ বুদ্ধিজীৱীৰ লগতে শিল্পীসমাজৰ লোকেও ৷
বিশ্ববিদ্যালয়খনৰ কেব বিৰোধী প্ৰতিবাদত অসমীয়া ছবি জগতৰ অভিনেত্ৰী অমৃতা গগৈয়ে অংশগ্ৰহণ কৰি কয় যে,কেবৰ বিৰুদ্ধে অসমৰ ৰাইজ থিয় হৈছে গতিকে অসমৰ ৰাইজৰ সপক্ষে আছে অভিনেত্ৰীগৰাকীয়ো । আনহাতে কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নোহোৱা পৰ্যন্ত কেবৰ বিৰোধিতা কৰি যাব বুলি মন্তব্য কৰে ৷