গুৱাহাটী, 21 মাৰ্চঃ বিশ্বজুৰি এতিয়া কৰ'ণা ভাইৰাছ অৰ্থাৎ COVID-19ৰ আতংক । বৰ্তমানলৈ অসমত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা কোনো লোক ধৰা পৰা নাই । কিন্তু কৰ'ণা প্ৰতিৰোধৰ বাবে ব্যাপক সতৰ্কতা অৱলম্বন কৰিছে চৰকাৰ-প্ৰশাসনে । ইয়াৰোপৰি স্বেচ্ছাসেৱী সংস্থাসমূহেও ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আগবাঢ়ি আছে । মহানগৰীৰ বৰাগাঁৱস্থিত এক্সেল কেয়াৰ হস্পিতালৰ সভাকক্ষত "দ্যা ৰয়েল এফেয়াৰ্ছ" নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত এখন বিশেষ সজাগতামূলক সংবাদমেল অনুষ্ঠিত হয় ।
কৰ'ণাকলৈ বিয়পি পৰা বিভিন্ন উৰাবাতৰিৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আয়োজন কৰা হয় সংবাদমেলৰ । য'ত তিনিগৰাকীকৈ বিশেষজ্ঞ চিকিৎসকে সাধাৰণ ৰাইজক এই ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ বিভিন্ন পৰামৰ্শ আগবঢ়াই । এই সজাগতামূলক সভাত উপস্থিত থাকে ইন্টাৰনেল মেডিচিন বিশেষজ্ঞ ডাঃ সাত্যকি শইকীয়া, মাইক্ৰ'বাই'লজীষ্ট ডাঃ ফ্ৰিঞ্চি কে. বৰুৱা, শিশু বিশেষজ্ঞ ডাঃ প্ৰাকৃতিশ বৰাৰ লগতে ডাঃ ৰয়েল এফেয়াৰ্ছৰ প্ৰতিষ্ঠাপক ৱাজিদ ৰহমান আৰু জয়শ্ৰী মালাকাৰ । কোনো বিশেষ ৰোগ নহ'লে মাক্স ব্যৱহাৰ নকৰিবলৈ ৰাইজলৈ আহ্বান বিশিষ্ট চিকিৎসক প্ৰাকৃতিশ বৰাৰ ।