গুৱাহাটী, 20 মাৰ্চঃকৰ'ণাৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ মানুহে নিজকে নিজে গৃহবন্ধী কৰিছে,ত্যাগ কৰিছে সামাজিক জীৱন যাপন ৷ আনকি ধাৰ্মিক স্থললৈ পূজা অৰ্চনাৰ কৰিবলৈ যোৱাও এৰিছে মানুহে ৷ ইছলাম ধৰ্মাৱলম্বী লোক সকলে প্ৰতি শুকুৰবাৰে মাছজিদত সমবেত হৈ জুম্মাৰ নামাজ পঢ়ি আল্লাহৰ ওচৰত বিশেষ দোৱাত অংশগ্ৰহণ কৰে ৷ কৰ'ণাৰ আতংকৰ বাবে মহানগৰীৰ মছজিদ সমূহত অন্য শুকুৰবাৰৰ তুলনাত আজি ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ অংশগ্ৰহণ কিছু কম পৰিলক্ষিত হয় যদিও,মহানগৰীৰ দক্ষিণগাঁও মছজিদত দেখা গ'ল এক বিপৰীত ছবি ৷ দক্ষিণগাঁও মছজিদত শুকুৰবাৰ উপলক্ষে শতাধিক ইছলাম ধৰ্মাৱলম্বী লোকসকলে হেণ্ড ৱাছেৰে হাত ধুই উজু কৰি মাস্ক পৰিধান কৰি নামাজত অংশগ্ৰহণ কৰে ৷
মহানগৰীত মাস্ক পৰিধান কৰি জুম্মাৰ নামাজ পঢ়িলে একাংশ লোকে - corona awarness at dakshingaon masjid, guwahati
কৰ'ণাৰ আতংকৰ বাবে মহানগৰীৰ মছজিদ সমূহত অন্য শুকুৰবাৰৰ তুলনাত আজি কিছু পৰিমাণে হ্ৰাস পাইছে জুম্মাৰ নামাজ পঢ়া লোকৰ সংখ্যা ৷ কৰ'ণাৰ আতংকৰ বাবে সজাগতা অবলম্বন কৰি আজি মহানগৰীৰ দক্ষিণগাঁও মছজিদত হেণ্ড ৱাছেৰে হাত ধুই উজু কৰি মাস্ক পৰিধান কৰি নামাজত অংশগ্ৰহণ কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৷
জুম্মাৰ নামাজ পঢ়িলে
উল্লেখ্য যে,নামাজৰ পিছত ইছলাম ধৰ্মাৱলম্বী লোকসকলে একেলগে আল্লাহৰ ওচৰত বিশেষ দোৱা কৰি বিশ্বৰ পৰা মহামাৰী কৰ'ণা ভাইৰাছৰক নিশেষ কৰি মানৱ জাতিক ৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰে ৷ মছজিদৰ মাইকযোগে সকলো ব্যক্তিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে দেশবাসীক আহ্বান জনোৱা জনতাৰ সান্ধ্য আইন পালন কৰিবলৈও আহ্বান জনায় ৷
লগতে পঢ়কঃৰাজ্যজুৰি কৰ’ণাৰ আতংক