অসম

assam

ETV Bharat / state

GMC mud scam: গুৱাহাটীলৈ অনা হ’ল ধৃত বিতৰ্কিত ঠিকাদাৰ মিঠু আগৰৱালাক - জি এম চিৰ বোকা কেলেংকাৰী

গুৱাহাটী পৌৰ নিগমৰ বোকা কেলেংকাৰীৰ মূল অভিযুক্ত মিঠু আগৰৱালাক শুকুৰবাৰে বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল (Contractor Mithu Agarwal arrested) ৷ মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই অভিযান চলাই বিহাৰৰ চুপলৰ ত্ৰিৱেণীগঞ্জৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বিতৰ্কিত ঠিকাদাৰজনক ৷ ডিনচানৰ স্বত্বাধিকাৰী দীনেশ জয়ছোৱালৰে মিলি মিঠু আগৰৱালাই সংঘটিত কৰিছিল এই বিয়াগোম কেলেংকাৰী ৷

Controversial contractor Mithu Agarwal brought to Guwahati
গুৱাহাটীলৈ অনা হ’ল ধৃত বিতৰ্কিত ঠিকাদাৰ মিঠু আগৰৱালাক

By

Published : Dec 4, 2022, 9:44 PM IST

গুৱাহাটী, ৪ ডিচেম্বৰ: গুৱাহাটীলৈ অনা হ’ল বিতৰ্কিত ঠিকাদাৰ মিঠু আগৰৱালাক । বিহাৰৰ চুপলৰ ত্ৰিৱেণীগঞ্জৰ পৰা শুকুৰবাৰে মুখ্যমন্ত্রী বিশেষ তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰিছিল মিঠু আগৰৱালাক(GMC Mud scam Mithu Agarwala arrested) । গুৱাহাটী পৌৰ নিগমৰ বোকা কেলেংকাৰীৰ মূল অভিযুক্ত মিঠু আগৰৱালা(Contractor Mithu Agarwal arrested) । দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল মিঠু আগৰৱাল । ৪৪ দিন ধৰি পশ্চিমবংগ, বিহাৰৰ বিভিন্ন স্থানত আত্মগোপন কৰি আছিল জি এম চিৰ বোকা কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড মিঠু আগৰৱাল ৷

গুৱাহাটীলৈ অনা হ’ল ধৃত বিতৰ্কিত ঠিকাদাৰ মিঠু আগৰৱালাক

ডিনচান গ্লোবেল প্ৰাইভেট লিমিটেডৰ অংশীদাৰ আছিল মিঠু ৷ ডিনচানৰ স্বত্বাধিকাৰী দীনেশ জয়ছোৱালৰে মিলি মিঠু আগৰৱালাই সংঘটিত কৰিছিল এই বিয়াগোম কেলেংকাৰী ৷ গাড়ীৰ ভুৱা পঞ্জীয়ন নম্বৰ দেখুৱাই উলিয়াই নিছিল ঠিকাৰ বিল ৷ শ শ ভূৱা চালান প্ৰস্তুত কৰিছিল ধৃত মিঠু আগৰৱালাই ৷ ভুৱা চীল-চহীৰে তেওঁ উলিয়াই নিছিল বোকা নিষ্কাশনৰ নামত বিল ৷ মাষ্টাৰ মাইণ্ড মিঠু আৰু দীনেশে মেনেজ কৰিছিল গুৱাহাটী পৌৰ নিগমৰ ১১ বিষয়া-অভিযন্তাক ৷

গ্ৰেপ্তাৰৰ পিছতে শনিবাৰে মিঠুৰ বেলতলাৰ ঘৰতো অভিযান চলাই মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই(Directorate of Vigilance and Anti-Corruption) ৷ মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই অভিযানৰ সময়ত জব্দ কৰে কেলেংকাৰীৰ বহু আপত্তিজনক নথি-পত্ৰ ৷ জি এম চিৰ বোকা নিষ্কাশনৰ নামত ভুৱা বিলেৰে কোটি কোটি টকা আত্মসাৎ কৰিছিল ঠিকাদাৰ মঠু আগৰৱালাই (৩৯) । এই কেলেংকাৰীৰ গোচৰত তদন্তকাৰী সংস্থাটোৱে ইতিমধ্যে গুৱাহাটী পৌৰ নিগমৰ ১৩ জনকৈ বিষয়া-অভিযন্তা আৰু ঠিকাদাৰক গ্ৰেপ্তাৰ কৰিছে ।

বিগত এমাহ ধৰি মিঠু আগৰৱালা পলাতক হৈ থকাৰ পাছত তদন্তকাৰী সংস্থাটোৱে ২১ নৱেম্বৰত পলাতক অভিযুক্তকটোৰ বিৰুদ্ধে ফটোসহ জাননী জাৰি কৰি সন্ধান দিওতাক পুৰস্কৃত কৰাৰ কথা ঘোষণা কৰিছিল । এই কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাত ২১ আক্টোবৰত ৪/২০২২ নম্বৰত ৰুজু হৈছিল এটি গোচৰ ।

এই গোচৰৰ ভিত্তিত গুৱাহাটী পৌৰ নিগমৰ(Guwahati Municipal Corporation) বিশেষ কৰ্তব্যৰত বিষয়া তথা অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া বাবুলাল শৰ্মা, স্বচ্ছতা বিষয়া তথা কাৰ্যবাহী অভিযন্তা আছিফ আহমেদ, কাৰ্যবাহী অভিযন্তা এলিন বেগম, শংকৰ মেধি, হিৰণ্য বৰ্মন, ৰমাকান্ত শইকীয়া, চিত্তৰঞ্জন দত্ত, সীমান্তজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰিছিল ৷

ইয়াৰ উপৰি পৌৰ নিগমৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰদীপ শৰ্মা, দিবাকৰ মালী, নিগমৰ মুখ্য গাণনিক বিষয়া অভিমন্যু মেধি, অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা তছদিকুৰ ৰহমান, বোকা নিষ্কাশনৰ দায়িত্বত থকা ঠিকাদাৰী প্ৰতিষ্ঠান মেছাৰ্ছ ডিনচান গ্ল‘বেল ভেনচাৰ প্ৰাইভেট লিমিটেডৰ সঞ্চালক দিনেশ জয়ছোৱালকো গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে(GMC officials arrested) ।

লগতে পঢ়ক:GMC Mud Scam: জি এম চি বোকা কেলেংকাৰীৰ লগত জড়িত আৰু এজনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details