অসম

assam

By

Published : Feb 23, 2022, 7:28 PM IST

ETV Bharat / state

Assam Skill University Project: এবছৰে আৰম্ভ হোৱা নাই দক্ষতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ কাম

এবছৰে শুই থাকিল নেকি স্কিল ডেভেলপমেন্ট মিছন ? ২০২১ চনৰ ১৫ ফ্ৰেব্ৰুৱাৰীতে স্থাপন কৰা স্কিল ডেভেলপমেন্ট মিছনৰ আধাৰশিলা পৰিণত হ'ল নেকি ভালুকৰ সাঙীত ? মুঠ ১০০০ কোটি টকাৰ বাজেটেৰে বিশ্ববিদ্যালয়খন ২০২৬ চনৰ ভিতৰত সম্পূর্ণ কৰাৰ লক্ষ্য বান্ধি লোৱা অসম চৰকাৰ তথা স্কিল ডেভেলপমেন্ট মিছনৰ বিগত এবছৰে কিয় কোনো কাণসাৰ নাই ? অসাৰ প্ৰতিপন্ন চৰকাৰৰ ঘোষণা (Assam skill university construction has not started) ৷

Failed skill development mission to meet purposs
এবছৰে আৰম্ভ হোৱা নাই দক্ষতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ কাম

গুৱাহাটী,২৩ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলক দক্ষতা বৃদ্ধিৰ যোগেদি সংস্থাপনৰ বাট মুকলি কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা অসম স্কিল ডেভেলপমেণ্ট মিছন বৰ্ত্তমান সময়ত ভালুকৰ সাঙীত পৰিণত হৈছে । এক কথাত উদ্দেশ্য পূৰণত ব্যৰ্থ হৈছে স্কিল ডেভেলপমেন্ট মিছন ।

এবছৰে শুই থাকিল নেকি স্কিল ডেভেলপমেন্ট মিছন?

আনহাতে অসম তথা উত্তৰ-পূবৰ ভিতৰত প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয় স্থাপনৰ ঘোষণাও অসাৰ প্রতিপন্ন হৈছে (Assam skill university construction has not started)। কিয়নো ১০০০ কোটি টকাৰ ব্যয় সাপেক্ষে প্রস্তাৱিত এই বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপনৰ এবছৰ পাছতো নির্মাণ কাৰ্য আৰম্ভ নহ'ল ।

কি হ'ল ১০০০ কোটি টকাৰ বাজেটে

উল্লেখ যে অসম স্কিল ডেভলপমেন্ট মিছনৰ অধীনত কেন্দ্রীয় চৰকাৰৰ নেশ্যনেল ইনফ'ৰমেটিক চেণ্টাৰৰ আৰ্হিৰে অসম তথা উত্তৰ-পূবৰ প্ৰথমখন স্কিল ডেভেলপমেন্ট ইউনিভাৰ্ছিটি অর্থাৎ দক্ষতা বিশ্ববিদ্যালয় মঙলদৈত স্থাপনৰ সিদ্ধান্ত লোৱা হৈছিল । বিগত বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীত তেতিয়াৰমুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নিয়োগ আৰু উদ্যম তথা উদ্যোগ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীক লগত লৈ উক্ত প্রস্তাৱিত বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিছিল ।

এছিয়ান ডেভেলপমেন্ট বেংক আৰু অসম চৰকাৰৰ পুঁজিৰে নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছিল। মুঠ ১০০০ কোটি টকাৰ বাজেটেৰে বিশ্ববিদ্যালয়খন ২০২৬ চনৰ ভিতৰত সম্পূর্ণ কৰাৰ লক্ষ্য বান্ধি লোৱা অসম চৰকাৰ তথা স্কিল ডেভেলপমেন্ট মিছনৰ বিগত এবছৰে কোনো কাণসাৰ নাছিল । শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে এছিয়ান ডেভেলপমেন্ট বেংকৰ অৰ্থ সাহায্যত মঙলদৈৰ দক্ষতা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে ১০১৬ কোটি টকাৰ অনুমোদন জনায় ।

উদ্দেশ্য পূৰণত ব্যৰ্থ হৈছে স্কিল ডেভেলপমেন্ট মিছন(

পূৰ্বতে ১০০০ কোটি টকা ধাৰ্য কৰা হৈছিল যদিও এইবাৰ ১৬ কোটি টকা বৃদ্ধি কৰা হয় । উল্লেখ যে মুঠ ২৫০ বিঘা মাটি সামৰি নির্মাণ হ'বলগীয়া বিশ্ববিদ্যালয়খনৰ বিগত এবছৰে চাৰিসীমাই নির্ধাৰণ সম্ভৱ হোৱা নাই । বিগত বৰ্ষৰ ৩০ মার্চত স্কিল ডেভেলপমেন্ট মিছনে দক্ষতা বিশ্ববিদ্যালয়খনৰ প্ৰকল্পটোৰ ভূমি যুগুত তথা চাৰিসীমাত পকী বেৰা নিৰ্মাণৰ বাবে এক নিবিদা আহবান কৰিছিল ।

পৰৱৰ্তী সময়ত ২ ছেপ্টেম্বৰত মেচাৰ্ছ এ এছ এণ্টাৰপ্রাইজ নামৰ প্রতিষ্ঠানটোক ৫ কোটি ২৩ লাখ টকাৰ পকী বেৰা নিৰ্মাণৰ ঠিকা প্রদান কৰে। কিন্তু ছমাহ পাছতো উক্ত প্রকল্পটোৰ পকী বেৰা নির্মাণকার্য আৰম্ভ হোৱা নাই । অসম স্কিল ডেভেলপমেন্ট মিছন আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ অৰিয়াঅৰিত এতিয়াও চাৰিবেৰ নিৰ্মাণ নোহোৱা বিশ্ববিদ্যালয়খনৰ মূল কাম কেতিয়া আৰম্ভ হ’ব তাক লৈ অনিশ্চয়তাই গা কৰি উঠিছে ।

ভালুকৰ সাঙীত পৰিণত হ'ল নেকি আধাৰশিলা

এছিয়ান ডেভেলপমেন্ট বেংক আৰু অসম চৰকাৰৰ ৮০:২০ অনুপাতত পুঁজি আবণ্টনেৰে নির্মাণ হ’বলগীয়া দক্ষতা বিশ্ববিদ্যালয়খন নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ উঠাক লৈ সন্দেহৰ সৃষ্টি হৈছে । অৱশ্যে শেহতীয়াকৈ ৰাজ্য চৰকাৰে পুঁজি আবণ্টন দিয়াক লৈ পুনৰ আশাৰ ৰেঙণি দেখা দিছে ।

উল্লেখ যে পূৰ্বে ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল যে ছিংগাপুৰ, জার্মানি, টাইৱান, দক্ষিণ কোৰিয়া, অষ্ট্রেলিয়া, ইজৰাইল, জাপান আদি ৰাষ্ট্ৰৰ সহযোগত উক্ত বিশ্ববিদ্যালয়ত অসমৰ যুৱক-যুৱতীক বিভিন্ন কাৰিকৰী প্রশিক্ষণ দিয়া হ'ব । প্রণিধানযোগ্য যে ৰাজ্যৰ স্কিল ডেভেলপমেন্ট মিছনৰ তদানীন্তন সঞ্চালক আই পি এছ বিষয়া এ পি তিৱাৰীয়ে বিভিন্ন খেলিমেলি সংঘটিত কৰি ইতিমধ্যে ডেপুটেশ্যনত অসম এৰিছে । যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ প্ৰক্ৰিয়াটোৱে স্থবিৰ হৈ পৰিছিল । বৰ্ত্তমানৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে গ্ৰহণ কৰা উদ্যোগে বাস্তৱ ক্ষেত্রত কিমান সফল হ'ব সেয়া সময়েহে ক'ব ।

লগতে পঢ়কঃManipur Assembly Election 2022 : আজি পুনৰ মণিপুৰত মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰচাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details