গুৱাহাটী,১৪ মাৰ্চ: বিধানসভা নিৰ্বাচনৰ প্ৰাকঃমূহুৰ্তত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বিৰুদ্ধে মহা-অভিযোগনামা দাখিল কৰিলে কংগ্ৰেছে। দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত অসমৰ দায়িত্বত থকা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে ৮৪ টা বিষয়ত বিজেপিৰ বিৰুদ্ধে মহা-অভিযোগ উত্থাপন কৰে। মহা-অভিযোগ সন্দৰ্ভত প্ৰকাশ কৰা এখন পুস্তিকা সংবাদমেলত উন্মোচন কৰে। 'বিজেপিৰ বিৰুদ্ধে মহা-অভিযোগ' শীৰ্ষক পুস্তিকাখনত সোণোৱাল চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্যকালৰ মিছা প্ৰতিশ্ৰুতি আৰু বঞ্চনা-প্ৰতাৰণাৰ সৱিশেষ উল্লেখ কৰা হৈছে বুলি সিঙে প্ৰকাশ কৰে ৷
সংবাদমেলত জিতেন্দ্ৰ সিঙে কয়, জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ কথা কোৱা বিজেপি চৰকাৰে ইয়াৰ সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰিলে। নাগৰিকত্ব সংশোধনী আইনৰ যোগেদি অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিলে। সোণোৱাল চৰকাৰ ৰিমৰ্ট ক'ণ্ট্ৰলত চলা চৰকাৰ। দিল্লীৰ পৰা নিয়ন্ত্রণ হৈ আহিছে সোণোৱাল চৰকাৰ। ৰাইজক দিয়া এটাও প্ৰতিশ্ৰুতি এইখন চৰকাৰে পূৰণ নকৰিলে। অসমৰ মান-সন্মানৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃজাতিক বিমানবন্দৰ আদাৱানীক লিজত দিলে। সেইদৰে আসমৰ প্ৰায়বোৰ সম্পদ ব্যক্তিগত খণ্ডক গটালে।'