অসম

assam

ETV Bharat / state

অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি - Etv Bharat Assam

ৰাজীৱ ভৱনত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, ডি ভোটাৰক মূল ইছ্যু হিচাপে লৈ কংগ্ৰেছ দলে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ

অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

By

Published : Apr 4, 2019, 2:55 PM IST

গুৱাহাটী, ৪ এপ্ৰিলঃলোকসভা নিৰ্বাচনকলৈ কংগ্ৰেছ দলে বৃহস্পতিবাৰে ৰাজীৱ ভৱনত মুকলি কৰে উত্তৰ পূৱ তথা অসমৰ নিৰ্বাচনী ইস্তাহাৰ। ইস্তাহাৰ মুকলি অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা, প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ লগতে উপস্থিত থাকে পাঞ্জাৱৰ বিত্তমন্ত্ৰী মনপ্ৰীত সিঙ।

অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ইস্তাহাৰ মুকলি কৰি কেন্দ্ৰত কংগ্ৰেছ দল ক্ষমতালৈ আহিলে অসমৰ বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখন যাতে পুনৰবাৰ সংসদত উত্থাপন কৰিব নোৱাৰে তাৰবাবে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে ৷ তেওঁ লগতে কয় যে, এন আৰ চিত প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম সন্নিবিষ্ট কৰিবলৈ আৰু ডি ভোটাৰ নামত যাতে ভাৰতীয় নাগৰিকহাৰাশাস্তিৰ সন্মুখীন নহয় তাৰ বাবে কংগ্ৰেছ দলে পদক্ষেপ গ্ৰহণ কৰিব ৷ ৰাজ্যত বন্ধ হৈ থকা নগাঁও আৰু কাছাৰ কাগজ কল পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবেও চৰকাৰখনে ব্যৱস্থা হাতত ল'ব। ইয়াৰ লগতে বিজেপি দলে কৰ্তন কৰা উত্তৰ পূৱৰ বিশেষ ৰাজ্যৰ মৰ্যদা পুনৰ ঘূৰাই দিয়াৰ কথা উল্লেখ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই।

ইস্তাহাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি পাঞ্জাৱৰ বিত্তমন্ত্ৰী মনপ্ৰীত সিঙে কয় যে কংগ্ৰেছ চৰকাৰে ৰাইজক সপোন দেখুওৱা নাই, বাস্তৱ ৰূপায়ণৰ চেষ্টা কৰিছে। বিজেপিয়ে ভাৰতবর্ষক আগুৱাই লৈ যাব নোৱাৰে। ৰাইজে চকীদাৰ আৰু চোৰৰ পাৰ্থকবুজিব লাগিব।

ABOUT THE AUTHOR

...view details