অসম

assam

ETV Bharat / state

Meitei youths killed: প্ৰধানমন্ত্ৰীৰ বাবে মণিপুৰ নাই; গৌৰৱ গগৈ - সাংসদ গৌৰৱ গগৈ

মেইটে সম্প্ৰদায়ৰ দুজন যুৱকৰ অপহৰণ আৰু হত্য়াকাণ্ডক লৈ উত্তপ্ত মণিপুৰ ৷ মণিপুৰৰ জনতাৰ ক্ষোভ আৰু প্ৰতিবাদক সমৰ্থন অসম প্ৰদেশ কংগ্ৰেছৰ ৷ ছাত্ৰ দুজনৰ অপহৰণ আৰু হত্যাৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি প্ৰদানৰ দাবী প্ৰদেশ কংগ্ৰেছৰ ৷

Meitei youths killed
কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ সংবাদমেল

By ANI

Published : Sep 27, 2023, 8:30 PM IST

নিউজ ডেস্ক, ২৭ ছেপ্টেম্বৰ:মণিপুৰত দুজন যুৱকৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কংগ্ৰেছ দলে ৷ ছাত্ৰ দুজনৰ মৃত্যুৰ লগত জড়িত দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে দলটোৱে ৷ বুধবাৰে এক সংবাদমেলযোগে এই দাবী জনাই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ৷

মণিপুৰৰ ৰাইজক সমৰ্থন আগবঢ়াই সাংসদ গগৈয়ে কয়, "ছাত্ৰ দুজনৰ অপহৰণ আৰু হত্যাৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীয়ে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে । মণিপুৰৰ ছাত্ৰ-ছাত্ৰীৰ বেদনা আৰু ক্ষোভ কংগ্ৰেছ দলে বুজি পায় আৰু আমি তেওঁলোকৰ লগত আছো ।

তেওঁ লগতে কয়, মণিপুৰ আমাৰ দেশৰ অংগ নহয়; মণিপুৰ আমাৰ দেশ । মণিপুৰ ভাৰত আৰু ভাৰত মণিপুৰ । মণিপুৰত যি বেদনা আৰু বিভীষিকা ঘটিছে, সেই যন্ত্ৰণা আৰু ভয়াবহতা আজি সমগ্ৰ ভাৰতে অনুভৱ কৰিছে । ইফালে আৰক্ষী বিভাগৰ ভূমিকাক গৰিহণা দি সাংসদগৰাকীয়ে কয়, এই সময়ত যেতিয়া মণিপুৰৰ নাগৰিকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, তেতিয়া আৰক্ষীৰ লোকে নিৰীহ জনতাৰ ওপৰত লাঠি চালনা কৰাৰ লগতে কন্দুৱা গেছ আৰু শব্দ বোমা নিক্ষেপ কৰিছে ।

সাংসদ গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ তেওঁ কয়, “মণিপুৰত ২০২৩ চনৰ ৩ মে’ৰ পৰা হিংসা আৰম্ভ হৈছিল আৰু এই হিংসাই ৫ মাহ অতিক্ৰম কৰিলে ৷ কিন্তু আজিলৈকে প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰ ভ্ৰমণ কৰা নাই । হয়তো মণিপুৰ তেওঁৰ বাবে নাই ।"

উল্লেখ্য যে, ৬ জুলাইত মণিপুৰত মেইটে সম্প্ৰদায়ৰ যুৱক দুজন নিৰুদ্দেশ হৈছিল । পাচত দুই শিক্ষাৰ্থীৰ মৃতদেহৰ ফটো সামাজিত মাধ্যমত ভাইৰেল হয় ৷ ছাত্ৰ দুজনৰ মৃতদেহৰ ফটো ভাইৰেল হোৱাৰ পাচৰে পৰাৰ ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

লগতে পঢ়ক:Meitei youths killed: মেইটেইৰ শিক্ষাৰ্থীৰ হত্যাৰ তদন্তৰ বাবে মণিপুৰত উপস্থিত CBIৰ দল

ABOUT THE AUTHOR

...view details