অসম

assam

ETV Bharat / state

2 years of HBS govt: হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সম্পূৰ্ণ বিফল আখ্যা কংগ্ৰেছৰ - মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে দুটা বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিটত বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক সম্পূৰ্ণ বিফল আখ্যা দিছে কংগ্ৰেছে ৷ চৰকাৰখনে ব্যাপক হাৰত ঋণ লোৱাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি তীব্ৰ সমালোচনা কংগ্ৰেছৰ (Two years of Himanta Biswa govt) ৷

2 years of HBS govt
2 years of HBS govt

By

Published : May 10, 2023, 8:45 PM IST

শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিত কি ক’লে কংগ্ৰেছে ?

গুৱাহাটী, ১০ মে' : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আজি দুটা বছৰ সম্পূৰ্ণ কৰিলে ৷ দুবছৰীয়া এই চৰকাৰখনক সম্পূৰ্ণ ব্যৰ্থ আখ্যা দিলে প্ৰদেশ কংগ্ৰেছে ৷ বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি তথা প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই দুবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰা চৰকাৰখনক সকলো দিশতে ব্যৰ্থ হোৱা বুলি সদৰী কৰে (Himanta Biswa govt completed two years) ৷

তেওঁ কয় যে, দুবছৰীয়া বৰ্ষপূৰ্তিত চৰকাৰখনে ঢাক-ঢোল বজাই অহাৰ সময়তে ৫১ হাজাৰ শিক্ষক-কৰ্মচাৰীয়ে দৰমহাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ আনহাতে মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে প্ৰাপ্যৰ বাবে আন্দোলন কৰিবলগীয়া হৈছে ৷ সফলতাৰ ব্যাপক প্ৰচাৰ চলাইছে যদিও আইন-শৃংখলাকে ধৰি বিভিন্ন ক্ষেত্ৰত চৰকাৰখন ব্যৰ্থ হৈছে ৷ চৰকাৰখনে ৰাইজৰ কথাত গুৰুত্ব দিয়াৰ বিপৰীতে আন কথাত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে বুলি তেওঁ অভিযোগ কৰে (Congress slams BJP) ৷

তেওঁ কয় যে, মূল্যবৃদ্ধিৰ বাবে আজি সাধাৰণ জনতাৰ জীয়াই থকাটোৱেই কঠিন হৈ পৰিছে ৷ ৰাইজৰ সমস্যাকলৈ চৰকাৰখনৰ কোনো গুৰুত্ব নাই ৷ ইয়াৰ বিপৰীতে চৰকাৰে বিভিন্ন সাম্প্ৰদায়িক কথাৰে মূল সমস্যাবোৰ তল পেলাই ৰাখিব বিচাৰিছে ৷ চৰকাৰখনে কোনো এটা প্ৰতিশ্ৰুতি পূৰণ কৰা নাই ৷ চৰকাৰখনে ২০২২ চনৰ মাৰ্চ মাহতে এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও ২০২৩ চনৰ মাৰ্চ মাহ পাৰ হৈ গ'ল ৷ কিন্তু এক লাখ চাকৰি দিব পৰা নাই ৷

তেওঁ কয় যে, চৰকাৰী তথ্য মতেই ৰাজ্যখনত এতিয়াও ২৩ লাখ নিবনুৱা পঞ্জীয়নভূক্ত হৈ আছে ৷ আনহাতে চৰকাৰখনে ঋণৰ ওপৰত ঋণ লৈ হিতাধিকাৰী সৃষ্টিত গুৰুত্ব দি আহিছে ৷ চৰকাৰখনে ইতিমধ্যে ১ লাখ ৩২ হাজাৰ কোটি টকা ঋণ লৈছে আৰু ১০ হাজাৰ কোটি টকা ঋণ লোৱাৰ কথা কৈছে ৷ তেওঁ কয় যে, বাজেটত জনকল্যাণমূলক কোনো আঁচনি নাই ৷ চৰকাৰখনে কোনো ধৰণৰ প্ৰডাক্টিভ কাম কৰিব পৰা নাই ৷ ধাৰ লৈ হিতাধিকাৰী সৃষ্টি কৰা ব্যৱস্থাই ৰাজ্যখনক ভয়ংকৰ অৰ্থনৈতিক সংকটলৈ ঠেলি দিব বুলি তেওঁ কয় (Himanta govt 2nd anniversary) ৷

তেওঁ লগতে কয় যে, এইখন চৰকাৰে নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ সক্ষম হোৱা নাই ৷ নাৰীজনিত অপৰাধ ৰাজ্যখনত বৃদ্ধি পাইছে ৷ সকলো ক্ষেত্ৰতে চৰকাৰখন ব্যৰ্থ হৈছে বুলি তেওঁ কয় ৷ আনহাতে আগন্তুক লোকসভা নিৰ্বাচনকলৈ কংগ্ৰেছ দলত প্ৰাৰ্থীকেন্দ্ৰীক কোনো ধৰণৰ আলোচনা হোৱা নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে (Lok Sabha election 2024) ৷

ইফালে লখিমপুৰৰ নাৰায়ণপুৰত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ নামত স্থাপন কৰা কলাক্ষেত্ৰ আজি মুকলি কৰাকলৈ প্ৰদেশ কংগ্ৰেছে সন্তুষ্টি প্ৰকাশ কৰে ৷ তেওঁ কয় যে, এই অনুষ্ঠানটো আৰম্ভ কৰিছিল প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি ভূপেন বৰাৰ অনুৰোধ মৰ্মে ২০০৭ চনত অনুষ্ঠানটো আৰম্ভ কৰা হৈছিল ৷ সেই কাম আজি সম্পূৰ্ণ হৈ উঠাত কংগ্ৰেছ দলে সন্তুষ্টি প্ৰকাশ কৰিছে বুলি তেওঁ কয় ৷

লগতে পঢ়ক:Two years of HBS govt: হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিত নগাঁওবাসীৰ মতামত

ABOUT THE AUTHOR

...view details