গুৱাহাটী, ৮ জানুৱাৰী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এজেন্ট হৈ বিষবাষ্প বিলোৱাৰ কাম কৰি থকা বুলি গুৰুতৰ অভিযোগ কৰিছে নিখিল ভাৰত কংগ্ৰেছৰ সেৱা দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ লালজী দেশায়ে । গুৱাহাটীত অনুষ্ঠিত কংগ্ৰেছৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি নিখিল ভাৰত কংগ্ৰেছৰ সেৱা দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ লালজী দেশাই এই অভিযোগ তুলি কয়, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ খুলিলে বিহ ওলায় । শৰ্মাৰ "হিৰো" হোৱাৰ ইচ্ছা ।’’
তেওঁ লগতে কয়, ‘‘কিহৰ স্বাৰ্থত শৰ্মাই লোকনিৰ্মাণ বিভাগটো নিজৰ মাজত ৰাখিছে ? নিশ্চয় এই ক্ষেত্ৰত শৰ্মাৰ টকাৰ অংক আছে ।’’ লালজীয়ে পুনৰ অভিযোগ কৰি কয় যে ড৹ শৰ্মাই অসমৰ জনতাৰ টকা লুটি আছে । মোদীৰ এজেণ্ট হৈ দেশত বিষ বিলোৱাৰ কাম কৰি আছে বুলি কয় কংগ্ৰেছ নেতাগৰাকীয়ে ।
বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰি লালজী দেশায়ে কয় যে দেশত এতিয়া চোৰৰ শাসন চলি আছে আৰু এই অপশাসনৰ বিৰুদ্ধে কংগ্ৰেছ দলে যুঁজ দি আছে । দেশত যদি বিশ্বাসঘাতক আছে, সেয়া হৈছে আৰ এছ এছ আৰু আৰ এছ এছৰ কৰ্মকৰ্তা । আৰ এছ এছৰ বিশ্বাসঘাতকতাৰ দীঘলীয়া ইতিহাস আছে বুলিও কয় নেতাগৰাকীয়ে ।