গুৱাহাটী, 26 এপ্ৰিল :গুজৰাটৰ পৰা অসম আৰক্ষীয়ে চক্ৰান্তমূলকভাৱে গ্ৰেপ্তাৰ কৰি আনি বিধায়ক জিগনেশ মেৱানীৰ বিৰুদ্ধে ইটোৰ পিছত সিটো ভূৱা গোচৰ জাপি দিয়া কাৰ্যৰ বিৰুদ্ধে সোমবাৰে সন্ধিয়া দিছপুৰত কংগ্ৰেছ বিধায়িনী দলে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী (Congress protest in Dispur demanding release of Jignesh Mewani) । সোমবাৰে সন্ধিয়া প্ৰায় 7.30 বজাত দিছপুৰৰ বিধানসভা চৌহদত প্ৰথমে অনুষ্ঠিত হয় কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক ।
কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক এই বৈঠকত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে দলটোৰ বিধায়কসকল উপস্থিত থকাৰ উপৰিও প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ আব্দুল খালেক উপস্থিত থাকে । বৈঠকৰ পিছতেই এই দলটো বিধানসভা চৌহদৰ পৰা বিভিন্ন শ্ল'গান দি ৰাওনা হয় দিছপুৰৰ মন্ত্ৰীৰ আৱাস চৌহদৰ প্ৰৱেশ পথত থকা আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ কাষলৈ ।
কংগ্ৰেছ বিধায়িনী দলৰ প্ৰতিবাদ লগতে পঢ়ক :Jignesh Mevani rearrested: জিগনেশ মেৱানীৰ বিৰুদ্ধে মহিলা আৰক্ষীক অশালীন ব্যৱহাৰৰ অভিযোগ
আম্বেদকাৰৰ সেই প্ৰতিমূৰ্তিৰ তলতেই ক’লা কাপোৰ বান্ধি কংগ্ৰেছ বিধায়কসকল, সভাপতি আৰু সাংসদ গৰাকীয়ে জিগনেশ মেৱানীক তৎকালে মুক্তি দিয়ক, নৰেন্দ্ৰ মোডী হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, গণতন্ত্ৰক ৰক্ষা কৰক আদি শ্ল'গান(Congress protest in Guwahati) দিয়ে ৷ মঙলবাৰে কংগ্ৰেছ দলে এই সন্দৰ্ভত ৰাজ্যপালক প্ৰদান কৰিব এখন স্মাৰকপত্ৰ ।
দিছপুৰত কংগ্ৰেছ বিধায়িনী দলৰ প্ৰতিবাদ উল্লেখ্য যে, এদিনৰ ন্যায়িক জিম্মাৰ ম্যাদ সোমবাৰে শেষ হোৱাত জিগনেশ মেৱানীক আদালতত হাজিৰ কৰোৱা হৈছিল ৷ আনকি আদালতে তেওঁৰ জামিনো মঞ্জুৰ কৰিছিল (Jignesh Mevani granted bail) । কিন্তু পিছমূহুৰ্ততে বৰপেটা আৰক্ষীয়ে পুনৰ আন এটা গোচৰত গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰে (Jignesh Mevani arrested by Barpeta Police) ।
লগতে পঢ়ক :Jignesh Mevani latest news : বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে জিগনেশ মেৱানীক