অসম

assam

By

Published : Oct 21, 2021, 6:39 PM IST

ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিব‍াদ

গুৱাহাটী ক্লাৱত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত অৱস্থান ধৰ্মঘট । ধাৰাবাহিকভাৱে পেট্ৰ'ল-ডিজেল তথা নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি, ক্ৰমবৰ্দ্ধমান নিবনুৱা সমস্যা, চিণ্ডিকেটৰাজ আৰু ৰাজহুৱা সম্পদৰ বেচৰকাৰীকৰণৰ প্ৰতিবাদত আৰু নাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰা, অৰুণোদয় আঁচনিৰ ধন তিনি হাজাৰ টকালৈ বৃদ্ধি কৰাৰ দাবীত বিক্ষোভ প্ৰদৰ্শন ।

Congress protest against price hike
গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত অৱস্থান ধৰ্মঘট

গুৱাহাটী, ২১ অক্টোবৰ: অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছে ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে বিক্ষোভ প্ৰদৰ্শন কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ আহ্বান ক্ৰমে গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত গুৱাহাটী ক্লাৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ধাৰাবাহিকভাৱে পেট্ৰ'ল-ডিজেল তথা নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি, ক্ৰমবৰ্দ্ধমান নিবনুৱা সমস্যা, চিণ্ডিকেটৰাজ আৰু ৰাজহুৱা সম্পদৰ বেচৰকাৰীকৰণৰ প্ৰতিবাদত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে ।

গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত অৱস্থান ধৰ্মঘট

লগতে নাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰা, অৰুণোদয় আঁচনিৰ ধন তিনি হাজাৰ টকা লৈ বৃদ্ধি কৰাৰো দাবী জনায় কংগ্ৰেছে । প্ৰতিবাদী কাৰ্যসূচীত বিধায়ক ৰেকিবুদ্দিন আহমেদ, মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মা, প্ৰাক্তন মেয়ৰ কুশল শৰ্মাকে ধৰি দলৰ ভালে সংখ্যক নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে । প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে ।

সকলোৱে হাতে হাতে প্লে'কাৰ্ড, ফেষ্টুন আদি লৈ মুল্যবৃদ্ধিৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । বিধায়ক ৰেকিবুদ্দিন আহমেদে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

লগতে পঢ়ক:নিৰ্মীয়মান ধুবুৰী মেডিকেল কলেজৰ চাফাই কৰ্মীৰ পৰিয়ালক 24 ঘণ্টাৰ সময়সীমা প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details