অসম

assam

By

Published : Jun 23, 2021, 8:41 PM IST

ETV Bharat / state

শাসনৰ প্ৰথম মাহৰ পৰাই মিথ্যাচাৰৰ আশ্ৰয় লৈছে চৰকাৰে: গৌৰৱ গগৈ

ৰাজ্যৰ শাসনত অধিষ্ঠিত ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক মিছলীয়াৰ চৰকাৰ আখ্যা সাংসদ গৌৰৱ গগৈৰ ৷ এখন ভাৰ্চুৱেল সংবাদমেল সম্বোধন কৰি সাংসদ গৰাকীয়ে শাসনৰ এটা মাহতে বিজেপি চৰকাৰখনৰ মিথ্যাচাৰ পোহৰলৈ আহিছে বুলি তীৰ্যক মন্তব্য কৰে ৷

congress mp gaurav gogoi terms bjp lead state government as fraud
শাসনৰ প্ৰথম মাহৰ পৰাই মিথ্যাচাৰৰ আশ্ৰয় লৈছে চৰকাৰে: গৌৰৱ গগৈ

গুৱাহাটী, 23 জুন: ''দিছপুৰত বহা নতুন চৰকাৰখনে এটা মাহ সম্পূৰ্ণ কৰিলে আৰু অত্যন্ত দুখৰ বিষয় যে প্ৰথম মাহৰে পৰাই চৰকাৰখনে ফাঁকি দিবলৈ আৰম্ভ কৰিলে, মিথ্যাচাৰৰ আশ্ৰয় লবলৈ আৰম্ভ কৰিলে" ৷ এই ভাষ্য কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ(MP Gaurav Gogoi ) । বুধবাৰে দুপৰীয়া সাংসদগৰাকীয়ে জুম এপ(Zoom app)ৰ জৰিয়তে এখন ভাৰ্চুৱেল সংবাদমেল সম্বোধন কৰি ডঃ হিমন্ত বিশ্ব শৰ্মা(Himanta Bishwa Sarma) নেতৃত্বাধীন নতুন চৰকাৰখনক চূড়ান্ত মিছলীয়া চৰকাৰ বুলি আখ্যা দিয়ে ।

ইয়াৰ লগতে তেওঁ কয় যে, শেহতীয়াকৈ চৰকাৰখনৰ এমাহ সম্পুৰ্ণ হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে এখন সংবাদমেলত ভাগ লৈ এছডিজি(SDG)ৰ সমীক্ষাত অসমৰ স্থান যথেষ্ঠ ভাল বুলি দাবী কৰিছে । কিন্তু ২৮ খন ৰাজ্যৰ ভিতৰত অসমৰ অৱস্থা কোনো ফালৰ পৰাই ভাল বা সন্তোষজনক নহয় । মুখ্যমন্ত্ৰীয়ে যদি চৰকাৰৰ মাত্ৰ এমাহতেই এনেদৰে ভুল আৰু অসত্য তথ্য দাঙি ধৰে তেন্তে অসমক এইখন চৰকাৰে কিদৰে আগুৱাই নিব বুলিও প্ৰশ্ন কৰে সাংসদ গৌৰৱ গগৈয়ে ।‌

নতুন চৰকাৰখনৰ মিথ্যাচাৰৰ আন এক উদাহৰণ দাঙি ধৰি সাংসদ গৰাকীয়ে কয় যে, নিৰ্বাচনৰ পূৰ্বে কেৱল ভোটৰ স্বাৰ্থত ডঃ হিমন্ত বিশ্ব শৰ্মাই কেউদিশে প্ৰতিশ্ৰুতি দিছিল যে চৰকাৰ যদিহে পুনৰ বিজেপিয়ে গঠন কৰে, তেন্তে মহিলাসকলৰ মাইক্ৰ'ফাইনেঞ্চৰ ঋণ(micro finance loan)ৰেহাই দিব ।

তেতিয়া কিন্তু ডঃ শৰ্মা বা বিজেপি দলে এইক্ষেত্ৰত কোনোধৰণৰ চৰ্ত থকাৰ কথা কোৱা নাছিল । কিন্তু চৰকাৰ গঠন কৰিয়েই ওলোটা খৰ মাৰি বিজেপি চৰকাৰে এতিয়া, মহিলা সকলে ঋণ ৰেহাইৰ সুবিধা চৰ্ত সাপেক্ষেহে লাভ কৰিব বুলি কোৱা আৰম্ভ কৰিলে । এয়া ঠগবাজি নহয় যদি কি বুলি প্ৰশ্নৰ উত্থাপন কৰি ঋণ লোৱা ৰাজ্যৰ সকলো মহিলাকে চৰকাৰখনৰ বিৰুদ্ধে ৪২০ ধাৰাৰ আধাৰত‌ গোচৰ তৰিবলৈও আহ্বান জনালে সাংসদ গৰাকীয়ে ।

ইয়াৰ লগতে সাংসদ গগৈয়ে কয় - "এইখন চৰকাৰে যে কেৱল মহিলাকেই ঠগিছে তেনে নহয়, চাহ বাগিচাৰ শ্ৰমিক(Tea workers)কো প্ৰতাৰণা কৰিছে ৷ এই চৰকাৰৰ এটাই চিন্তা-বিৰোধীৰ বিধায়ক ভাঙিব লাগে । এনে মনোবৃত্তি চৰকাৰখনৰ থাকিলে উন্নয়নৰ লক্ষ্য কেতিয়াও পূৰ নহ’ব ।

আমি তেনেকুৱা এক ইংগিতেই পাইছো । মুখ্যমন্ত্ৰীয়ে মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ কথা মতে উঠা-বহা কৰিবলৈ আৰম্ভ কৰিছে । অসমৰ মহিলাৰ কথা তেওঁ ভবা নাই" ৷ ইয়াৰ লগতে সাংসদ গৰাকীয়ে সংবাদমেলত কয় যে, বিজেপি হৈছে এনে এটা দল যিটো‌ দলে কেতিয়াও গণতন্ত্ৰ‌ থকাটো নিবিচাৰে, বিজেপিয়ে সদায় বিৰোধীক নিঃশেষ কৰাৰ পৰিকল্পনা কৰি আহিছে ।

লগতে পঢ়ক :শদিয়াত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details