অসম

assam

ETV Bharat / state

সংকট মোচনৰ বাবে ৰাজীৱ ভৱনত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক - Congress Meeting At Rajiv Bhavan

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত ৰাজীৱ ভৱনত গুৰুত্বপূৰ্ণ বৈঠক (Congress meeting at Rajiv Bhavan)। বৈঠকত দলৰ কেইবাজনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ অংশগ্ৰহণ । বৈঠকত দলৰ বিভিন্ন দিশৰ লগতে আভ্যন্তৰীণ বাদ-বিসম্বাদ সন্দৰ্ভত আলোচনা ।

meeting at Rajiv Bhawan in the presence of AICC GS Jitendra Singh
ৰাজীৱ ভৱনত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক

By

Published : May 17, 2022, 5:38 PM IST

গুৱাহাটী,১৭ মে':কংগ্ৰেছক সংকটৰ পৰ‍া উদ্ধাৰ কৰাৰ লক্ষ্যৰে আজিৰে পৰা দুদিনীয়া কৰ্যসূচীৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছে দলৰ সাংগঠনিক বিষয় আৰু নিৰ্ব‍াচন সম্পৰ্কীয় সভা । উল্লেখ্য যে এটাৰ পাছত আনটোকৈ নিৰ্ব‍াচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱা প্ৰদেশ কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাত ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে । মূলতঃ নিৰ্বাচনী পৰাজয় আৰু দল ত্যাগৰ ৰাজনীতিত বিধ্বস্ত হৈ পৰা প্ৰদেশ কংগ্ৰেছত আৰম্ভ হৈছে সভাপতি ভূপেন কুমাৰ বৰা হাটাও অভিযান । বৰ্ত্তমান সময়ত আভ্যন্তৰীন সংঘ‍াতত অৰাজকতাৰ সৃষ্টি হোৱা প্ৰদেশ কংগ্ৰেছত সুস্থিৰতা অনাৰ লগতে সংকটৰ পৰা উদ্ধাৰ কৰাৰ বাবে দলৰ শীৰ্ষ নেতৃত্ব তৎপৰ হৈ পৰিছে ।

যাৰ পৰিপ্ৰেক্ষিতত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ (AICC GS Jitendra Singh) উপস্থিতিত আজি ৰাজীৱ ভৱনত এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় (Congress meeting at Rajiv Bhavan) । বৈঠকত দলৰ কেইবাজনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই অংশ গ্ৰহণ কৰে । গুৰুত্বপূৰ্ণ বৈঠকখনত দলৰ বিভিন্ন দিশৰ লগতে আভ্যন্তৰীণ বাদ-বিসম্বাদ সন্দৰ্ভত আলোচনা কৰা হয় ।

ৰাজীৱ ভৱনত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক

অৱশ্যে বিসম্বাদ আৰু অসন্তুষ্টিৰ কথা কোনেও সংবাদ মাধ্যমৰ আগত মুকলিকৈ কোৱা নাই যদিও সভাত এই সন্দৰ্ভত বিশদ আলোচনা হয় । ইফালে সাংবাদিকৰ আগত জিতেন্দ্ৰ সিঙে কয় যে অসমৰ সভাপতি ভূপেন বৰা হৈ আছে আৰু হৈ থাকিব ।

ৰাজীৱ ভৱনত অনুষ্ঠিত বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (APCC President Bhupen Bora), কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেবব্ৰত শইকীয়া, প্ৰদেশ নিৰ্বাচনী বিষয়া হাৰুন ইউসুফ ৰশ্বিদ, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক পৃথ্বীৰাজ সাথে (AICC secretary Prithviraj Sathe), বিকাশ উপাধ্যায়, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ, বিধায়ক ৰেকিবুদ্দিন আহমেদকে ধৰি কেইবাজনো বিষয়ববীয়া উপস্থিত আছিল । ইফালে সংবাদ মাধ্যমৰ আগত জাকিৰ হুছেইন শিকদাৰে কয় যে চিন্তন বৈঠকৰ পিছতেই এই বৈঠক অনুষ্ঠিত কৰা হৈছে ৰাজীৱ ভৱনত । এই বৈঠকে আমাৰ বাবে ভাল খবৰ আনিব ।

তেওঁ কয় যে তেওঁলোকৰ মাজত কোনো বিসম্বাদ নাই । আমি ঘৰৰ মানুহ, মাজে মাজে চাহ খাম আলোচনা কৰিম, বহিম বুলি উল্লেখ কৰি তেওঁ কয় যে ভূপেন বৰাৰ নেতৃত্বত আমি অনাগত দিনত কাম কৰিম । কমলাক্ষ্য দে পুৰকায়স্থ আৰু নৰুল হুদাৰ মন্তব্যৰ প্ৰসংগত তেওঁ কয় যে ঘৰৰ ভিতৰত আলোচনা হোৱা কথা এটা বাহিৰলৈ ওলাই আহিলে কিছু বেলেগকৈ আহে । এতিয়াও কংগ্ৰেছক লৈ চৰ্চা চলে মানে কংগ্ৰেছক মানুহে বিচাৰে বুলি উল্লেখ কৰি তেওঁ বিজেপিক সমালোচনা কৰে ।

লগতে পঢ়ক:কাৰ্তি চিদাম্বৰমৰ বাসগৃহ আৰু কাৰ্যালয়ত CBIৰ অভিযান

ABOUT THE AUTHOR

...view details