গুৱাহাটী, 4 আগষ্টঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা 11 জনীয়া দলে সোমবাৰে এন আৰ চিৰ ৰাজ্যিক সম্বনয়ৰক্ষী প্ৰতীক হাজেলাক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে । কামৰূপৰ সোণতলীৰ পৰা উজনি অসমৰ বিভিন্ন জিলালৈ এন আৰ চিৰ শুনানিৰ বাবে যাত্ৰা কৰা পথত মহানগৰীৰ খানাপাৰাত দুর্ঘটনাগ্ৰস্ত হৈ চিকিৎসাধীন হোৱা লোকসকল শুনানিত হাজিৰ হ'ব নোৱাৰাৰ ফলত কি হ'ব তাক লৈ স্মাৰকপত্ৰ প্ৰদান কৰে নেতা কেইগৰাকীয়ে ৷
প্ৰতিক্ৰিয়াঃ কি হ'ব NRC শুনানিৰ বাবে গৈ দুর্ঘটনাগ্ৰস্ত হোৱা লোকসকলৰ ! - সোণতলী
কি হ'ব এন আৰ চিৰ শুনানিলৈ যোৱাৰ পথত দুর্ঘটনাগ্ৰস্ত হোৱা লোক সকলৰ । শুনানিত হাজিৰ হ'ব নোৱাৰাৰ বাবে এন আৰ চিত নাম অন্তৰ্ভুক্ত ন'হব নেকি এই সকলৰ, নে পুনৰ শুনানিৰ বাবে সুযোগ দিব এন আৰ চি কৰ্তৃপক্ষই?
কংগ্ৰেছ দলৰ প্ৰশ্নৰ উত্তৰত হাজেলাই আশ্বাস প্ৰদান কৰে যে, দুর্ঘটনাগ্ৰস্ত হোৱা লোক সকল 48 ঘণ্টাৰ ভিতৰত শুনানিৰ বাবে হাজিৰ হ'ব নোৱাৰাত এইসকলৰ শুনানি তেওঁলোকৰ জিলাতে পুনৰ কৰাৰ ব্যৱস্থা কৰা হ'ব । হাজেলাই লগতে কংগ্ৰেছৰ দলটোক আশ্বাস প্ৰদান কৰে যে, এতিয়াৰে পৰা শুনানিৰ বাবে হাজিৰ হোৱাৰ বাবে 4 ৰ পৰা 5 দিন সময় প্ৰদান কৰা হ'ব ।
আনহাতে, কংগ্ৰেছৰ 11 জনীয়া দলটোয়ে হাজেলাক সাক্ষাৎ কৰি প্ৰশ্ন উত্থাপন কৰে যে, এন আৰ চিৰ শুনানিৰ বাবে ব্যক্তি সকলক কিয় 12 ঘণ্টাৰ পৰা 48 ঘণ্টা সময় নিৰ্ধাৰণ কৰি দিয়া হয়? ইমান কম সময়ত কিদৰে এজন ব্যক্তি শুনানীৰ বাবে হাজিৰ হ'ব পাৰিব? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ দুৰ্গা দাস বড়োয়ে সংবাদমেল অনুষ্ঠিত কৰি কয়, বানপানীয়ে জুৰুলা কৰি যোৱা দুখীয়া ৰাইজ অতি কম সময়ৰ ভিতৰত শুনানিৰ বাবে হাজিৰ হোৱাটো অসম্ভৱ ৷