অসম

assam

ETV Bharat / state

Congress leader Manajit Mahanta demise: বিশিষ্ট সাংবাদিক তথা ৰাজনীতিক মনজিৎ মহন্তৰ দেহাৱসান

বিশিষ্ট সাংবাদিক তথা ৰাজনীতিক মনজিৎ মহন্তৰ দেহাৱসান ৷ হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল মহন্ত ৷ অৱশেষত আজি পুৱতি নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে মহন্তই ৷

Congress leader Manajit Mahanta dead
মনজিৎ মহন্তৰ মৃত্যু

By

Published : Jul 10, 2023, 7:06 AM IST

Updated : Jul 10, 2023, 8:37 AM IST

গুৱাহাটী, ১০ জুলাই : প্ৰাক্তন জ্যেষ্ঠ সাংবাদিক তথা কংগ্ৰেছ নেতা মনজিৎ মহন্তৰ দেহাৱসান ৷ গুৱাহাটীৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে মহন্তই ৷ কংগ্ৰেছৰ মিডিয়া বিভাগৰ আহ্বায়ক আছিল মনজিৎ মহন্ত ৷ ২৭ জুনৰ পুৱা হৃদৰোগ হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁক গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত গুৰুতৰ অৱস্থাত ভৰ্তি কৰোৱা হয় ৷ হাস্পতালখনৰ আইচিইউত কৃত্ৰিম জীয়নদায়িনী ব্যৱস্থাৰে চিকিৎসা চলাই থকা হৈছিল কংগ্ৰেছ নেতাগৰাকীৰ । ইয়াৰ পাচত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয় ৰাজনীতিবিদগৰাকীক ৷ অৱশেষত সোমবাৰৰ পুৱতি নিশা ২ বজাত শেষ নিশ্বাস ত্যাগ কৰে মহন্তই ৷

সাংবাদিকতাৰ পৰা ৰাজনীতিত প্ৰৱেশ কৰা মনজিৎ মহন্তই সম্প্ৰতি অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰি আছে ৷ সক্ৰিয় ৰাজনীতিলৈ অহাৰ পূৰ্বে অসমীয়া সংবাদ মাধ্যমৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল তেওঁ ৷ অসমীয়া প্ৰতিদিন আৰু অধুনালুপ্ত আজিৰ অসম কাকতত কাৰ্যবাহী সম্পদকৰ দায়িত্বত আছিল মনজিৎ মহন্ত । ইয়াৰ উপৰি কেইবাটাও বৈদ্যুতিন মাধ্যমৰ চেনেলৰ মুখ্য সম্পাদকৰূপে দায়িত্ব পালন কৰিছিল মনজিৎ মহন্তই ৷

অগপ নেতৃত্বাধীন প্ৰফুল্ল কুমাৰ মহন্তৰ দ্বিতীয়খন চৰকাৰৰ দিনত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাৰূপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ ৷ ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত দিছপুৰ বিধানসভা সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও বিজেপিৰ অতুল বৰাৰ হাতত তেওঁ পৰাস্ত হয় । কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বে তেওঁ সাংসদ অজিত কুমাৰ ভূঞাৰ সৈতে তেওঁ আঞ্চলিক গণ মঞ্চ নামৰ এক ৰাজনৈতিক মঞ্চৰ নেতৃত্ব দিছিল । ইয়াৰ পিছত তেওঁ ২০২১-ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ।

আজি পুৱা ১০.৩০ বজাত গুৱাহাটীস্থ ৰাজীন ভৱনলৈ অনা হ’ব মনজিৎ মহন্তৰ নশ্বৰদেহ ৷ ৰাজীৱ ভৱনত দলটোৰ সকলো নেতা-কৰ্মী তথা তেওঁক শুভাকাংখীয়ে শেষ শ্ৰদ্ধা জনাব ৷

লগতে পঢ়ক :Jiyadhal river: জীয়াঢলৰ কাংকু সুঁতিৰ গতিপথ সলনিৰ চেষ্টা প্ৰশাসনৰ

Last Updated : Jul 10, 2023, 8:37 AM IST

ABOUT THE AUTHOR

...view details