গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী:সমুখত নিৰ্বাচন । শাসকীয় বিজেপি দলে ৰাজ্যত যেন টকাৰ ঢলহে নমাইছে ! এনে সময়ত কিন্তু একমাত্ৰ "অসম বচাও আহক" শীৰ্ষক এলানি কাৰ্যসূচী হাতত লৈয়ে ক্ষান্ত থাকিবলগীয়া হৈছে বিৰোধী দল কংগ্ৰেছে । দলৰ ৰাষ্ট্ৰীয় নেতৃত্ব বা হাইকমাণ্ডে অসমত নিৰ্বাচনী কৌশল প্ৰস্তুত কৰিবলৈ ইতিমধ্যে কেইবা কোটি টকাৰ বিনিময়ত নিয়োগ কৰিছে "ডিজাইন বক্স" নামৰ পঞ্জাৱৰ এটা ব্যক্তিগত এজেঞ্চীক । এই এজেঞ্চীয়ে যি মতে কৌশল প্ৰস্তুত কৰি দিছে সেই মতেই অসমত আগুৱাইছে কংগ্ৰেছ দল । গুৰুত্বপূৰ্ণ কথাটো হ'ল উক্ত এজেঞ্চীটোৰ সৈতে দৰদাম কৰাৰ পৰা আৰম্ভ কৰি ধন পৰিশোধ কৰালৈকে সকলো দায়িত্ব হাইকমাণ্ডে নিজৰ হাততে ৰাখিছে । ইয়াৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছে নিজাকৈ কোনো ব্যয়বহুল নিৰ্বাচনী কাৰ্যসূচী হাতত ল'ব পৰা নাই ।
প্ৰদেশ কংগ্ৰেছৰ এক সূত্ৰই ই টিভি ভাৰতৰ আগত প্ৰকাশ কৰা মতে একমাত্ৰ আৰ্থিক নাটনিৰ বাবেই দলে নিজাকৈ কোনো সাংঘাতিক ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব পৰা নাই । সূত্ৰটোৱে সদৰি কৰা মতে ইতিমধ্যে নিৰ্বাচনৰ বাবে পুঁজি বিচাৰি দলৰ সভাপতি ৰিপুণ বৰাই একাধিকবাৰ হাইকমাণ্ডক যোগাযোগ কৰিছে যদিও দলীয় নেতৃত্বই পুঁজি যোগান ধৰাৰ পৰিৱৰ্তে নিজাকৈ পুঁজিৰ ব্যৱস্থা কৰি ল'বলৈহে কৈছে প্ৰদেশ কংগ্ৰেছক । যাৰ বাবে এতিয়া বাৰুকৈয়ে প্ৰদেশ কংগ্ৰেছ বিমোৰত পৰিছে ।