গুৱাহাটী, 20 ফেব্ৰুৱাৰী :ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি 650 গৰাকীতকৈও অধিক লোকে আবেদন জনাইছে । মনকৰিবলগীয়া যে এইসকলৰ ভিতৰত প্ৰায় ৬০ শতাংশই হৈছে যুৱ প্ৰজন্মৰ নতুন মুখ । ইপিনে মহিলা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা হৈছে প্ৰায় 10 শতাংশ । গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে ৰাজ্যৰ ১২টা বিধানসভা সমষ্টিত মাত্ৰ এজনকৈ লোকেহে দলীয় টিকট বিচাৰি আবেদন জনাইছে ।
উদাহৰণস্বৰূপে নাজিৰা সমষ্টিত দেৱব্ৰত শইকীয়া, মৰিয়নীত ৰূপজ্যোতি কুৰ্মী, চামগুৰিত ৰকিবুল হুছেইন, গহপুৰত ৰিপুণ বৰা, উদাৰবন্দত অজিত সিং, যোৰহাটত ৰাণা গোস্বামী হৈছে এনে একমাত্ৰ দাবীদাৰ সকলৰ একাংশ । ইপিনে মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীৰ পৰা কোনো প্ৰভাৱশালী কংগ্ৰেছ নেতাই টিকট বিচৰা নাই । ইয়াৰ বিপৰীতে জালুকবাৰী সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনোৱা দুজন প্ৰাৰ্থিত্ব প্ৰত্যাশী হ'ল ক্ৰমে জিয়াউৰ ৰহমান চহৰীয়া আৰু আজিজুৰ ৰহমান ।