গুৱাহাটী, ২৫ জানুৱাৰী: আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতাই এতিয়া নিমিলা অংক হৈ পৰিছে । দুয়োটা দলৰ মাজত মিত্ৰতা হোৱাৰ পাচতো এতিয়া জটিলতাৰ সৃষ্টি হৈছে আসন ভাগ বাটোৱাৰাক লৈ । বিশেষকৈ নামনি অসমৰ ভালেকেইটা সমষ্টিত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ সমানেই শক্তিশালী । তেনেক্ষেত্ৰত এই সমষ্টিসমূহ কোনে কাক এৰি দিব তাকে লৈহে এতিয়া দুই দলৰ মাজত আৰম্ভ হৈছে নিমিলা অংক ।
ইটিভি ভাৰতে লাভ কৰা খবৰ অনুসৰি, বিশেষকৈ এই জটিলতা অধিক প্ৰকট হৈছে ধুবুৰী জিলাত । কিয়নো ধুবুৰী সংসদীয় সমষ্টিটো আছে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ হাতত । তাৰোপৰি এই লোকসভা সমষ্টিটোৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহতো আছে দুয়ো দলৰেই আধিপত্য । ধুবুৰী জিলাৰ গৌৰীপুৰ, পশ্চিম বিলাসীপাৰা আৰু ধুবুৰী বিধানসভা আছে এ আই ইউ ডি এফৰ দখলত । ইয়াৰ বিপৰীতে আন দুটা সমষ্টি পূৱ বিলাসীপাৰা আৰু গোলকগঞ্জ আছে বিজেপিৰ দখলত ।