অসম

assam

By

Published : Dec 13, 2019, 8:51 PM IST

ETV Bharat / state

শ্বহীদক শ্ৰদ্ধাঞ্জলি প্ৰদান কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত মৃত্যুবৰণ কৰা চাৰিজন ব্যক্তিক শ্বহীদ ঘোষণা কৰে, বন্তি প্ৰজ্বলন আৰু মৌন প্রার্থনাৰে মৃতকৰ আত্মাৰ সদগতি কামনা কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বৰ্তমান ৰাজ্যত বিচাৰে শান্তি ৷

মৌন প্রার্থনাৰে মৃতকৰ আত্মাৰ সদগতি কামনা
শ্বহীদক শ্ৰদ্ধাঞ্জলি প্ৰদান কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ

গুৱাহাটী,13 ডিচেম্বৰঃহিংসা জৰ্জৰিত অসমৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰতি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যত বিচাৰে শান্তি৷ বৰ্তমান অশান্ত হৈ থকা সমগ্ৰ অসমলৈ শান্তি ঘূৰাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷ শুকুৰবাৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত মৃত্যুবৰণ কৰা চাৰিজন ব্যক্তিক শ্বহীদ ঘোষণা কৰে । তদুপৰি বন্তি প্ৰজ্বলন আৰু মৌন প্রার্থনাৰে মৃতকৰ আত্মাৰ সদগতি কামনা কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰা বিশ্ববিদ্যালয়খনৰ উপ-সভাপতি হীৰক পাটোৱাৰীয়ে কয়, "অসমৰ জনসাধাৰণৰ বুকুত থকা জুইকুৰা কোনেও নুমুৱাব নোৱাৰে আৰু ন্যায় নোপোৱা পৰ্যন্ত এই আন্দোলন চলি যাব ৷"

শ্বহীদক শ্ৰদ্ধাঞ্জলি প্ৰদান কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ

আনহাতে, এতিয়াৰে পৰা শান্তিপূৰ্ণভাৱে কেবৰ বিৰুদ্ধে আন্দোলন চলাব ছাত্ৰ-ছাত্ৰীসকলে ৷ অসমৰ জনসাধাৰণৰ সকলো দাবীক নস্যাৎ কৰি বিজেপি চৰকাৰে অসমত যি অশান্ত পৰিবেশৰ সৃষ্টি কৰিলে ইয়াৰ দায়ী আচলতে কোন ! মৃত প্ৰতিবাদকাৰীসকল নে প্ৰশাসন নে চৰকাৰ ! এই প্ৰশ্নৰ উত্তৰ হয়তো এতিয়া কাৰোৰে হাতত নাই । কিন্তু পৰৱৰ্তী সময়ত কেবৰ বিৰুদ্ধে ছাত্ৰ সমাজে প্ৰতিবাদ চলাই যাব বুলি সিদ্ধান্ত গ্ৰহণ কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে ৷

লগতে চাওকঃএওঁলোক আবেগিক মানুহ,আইনখন বুজিবলৈ সময়ৰ প্ৰয়োজন হ‘ব-কিৰেণ ৰিজিজু

ABOUT THE AUTHOR

...view details