অসম

assam

By

Published : Jun 29, 2020, 5:24 AM IST

ETV Bharat / state

কঠোৰ নীতি-নিয়মেৰে গুৱাহাটীত আৰম্ভ সম্পূৰ্ণ লক্ ডাউন

ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি অতি কঠোৰৰ পৰা কঠোৰতম হ'ব এইবাৰৰ লক্ ডাউন। চিকিৎসা সেৱাৰ লগত জড়িত ব্যক্তি আৰু সংবাদ মাধ্যমক কেৱল ৰেহাই দিয়া হৈছে লক্ ডাউনৰ সময়চোৱাত । যাৰ বাবে ৰাইজক সজাগ কৰি দিয়ে আৰক্ষীয়ে । ইতিমধ্যে এইকথা ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ৷

lock down in guwahati
lock down in guwahati

গুৱাহাটী, 28 জুন : পুনৰ দেওবাৰে নিশাৰ পৰা গুৱাহাটীত ঘোষণা কৰা হ'ল লক ডাউন । তাৰ পূৰ্বে ৭ বজাৰ লগে লগে গুৱাহাটীত আৰম্ভ হয় সান্ধ্য আইন । নিশা ১২ বজাৰ পৰা ১৪ দিনৰ বাবে লক ডাউন বলবৎ হৈছে মহানগৰীত। সন্ধিয়া ৭ বজাৰ পিচতেই মহানগৰীত বন্ধ কৰি দিয়া হৈছে সকলো দোকান পোহাৰ, যাতায়ত ব্যৱস্থা।

লক্ ডাউনৰ পূৰ্বে আৰক্ষীৰ তৎপৰতা

গুৱাহাটী তথা কামৰূপ(ম) জিলাত এই ১৪ দিনীয়া লক্ ডাউনত কেইটামান খণ্ডক অৱশ্যে ৰেহাই দিয়া হৈছে । সেইকেইটা হ'ল-প্ৰতিৰক্ষা, আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী, দুৰ্যোগ ব্যৱস্থাপনা, বিদ্যুৎ, পানী যোগান, গাখীৰ যোগান, স্বাস্থ্য বিভাগৰ কাৰ্যালয়, পৌৰ নিগমৰ কাৰ্যালয়, সংবাদ মাধ্যম (হকাৰ সহ), কোৱাৰেণ্টাইনৰ লোক থকা হোটেল, সীমিত কৰ্মচাৰীৰে বেংক, ৰে’ল সেৱা আৰু বিমান সেৱা । ইতিমধ্যে এইকথা ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ৷

লক্ ডাউনৰ বাবে সাজু আৰক্ষী প্ৰশাসন

এই লক্ ডাউনৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী শৰ্মাই কয় যে, লক্ ডাউনৰ প্ৰথম সাতদিনত চিকিৎসালয় আৰু ফাৰ্মাচীৰ বাহিৰে একোৱে খোলা নাথাকিব । পূৰ্বৰ দৰে এইবাৰ গেলামালৰ দোকানো খোলা নাথাকিব লক্ ডাউনৰ সময়ছোৱাত । পৰৱৰ্তী সাতদিনত গেলামালৰ দোকান খোলা-নোখোলাৰ বিষয়টো পৰিৱেশ পৰিস্থিতি চাই চৰকাৰে থিৰাং কৰিব ।

মহানগৰীত আৰক্ষীৰ ব্যস্ততা

ৰাজধানী জনতা ভৱনলৈ আহিব লাগিব যুটীয়া সচিব বা তাতোকৈ ওপৰৰ পৰ্যায়ৰ বিষয়াসকল । প্ৰয়োজন সাপেক্ষে তৃতীয় বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক কাৰ্যালয়লৈ মতা হ’ব পাৰে । অন্যথাই তেওঁলোকে ঘৰৰ পৰা কাম কৰিব লাগিব ৷

উল্লেখ্য যে, বিগত দিনত গুৱাহাটী মহানগৰীত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে কোভিড-19 আক্ৰান্তৰ সংখ্যা ৷ বহু ক্ষেত্ৰত গণ সংক্ৰমণৰো আশংকা কৰা হৈছে ৷ এই সংকটপূৰ্ণ অৱস্থাৰ মাজতো মহানগৰীৰ ভিন্ন স্থানত বিগত দিনসমূহত সজাগতাৰ অভাৱ পৰিলক্ষিত হৈছিল ৷ গুৱাহাটীৰ ১০ শতাংশ লোকেও আজিৰ তাৰিখতো মাস্ক পৰিধান নকৰে । সন্ধিয়া দোকানে-দোকানে আড্ডা দিয়ে । এইবিলাক কাণ্ড-কাৰখানাই বিপদ মাতিছে বুলি ইতিমধ্যে উল্লেখ কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অৱশেষত সংক্ৰমণ ৰোধৰ বাবে পুনৰ কঠোৰ নীতি নিৰ্দেশনাৰে লক্ ডাউন ঘোষণা কৰিবলৈ চৰকাৰ বাধ্য হয় ৷

কঠোৰ হ'ব লক্ ডাউনৰ নিয়ম

লক্ ডাউনৰ প্ৰাক মূহুৰ্তত মহানগৰীৰ মালিগাঁৱৰ বিভিন্ন আৱাসিক এলেকাত মাইকেৰে সতৰ্কবাণী ঘোষণা কৰে মহানগৰ আৰক্ষীয়ে। ইফালে নিশা আইন অমান্যকাৰীৰ ওপৰত লাঠী চালনা কৰে আৰক্ষীয়ে । 7 বজাৰ লগে লগে যিহেতু সান্ধ্য আইন আৰম্ভ হয়, গতিকে তাৰ পাচতো বাহিৰ বিনাকৰাণত ঘূৰি ফুৰা ব্যক্তিৰ বিৰুদ্ধে কঠো পদক্ষেপ ল'বলৈ বাধ্য হৈছে প্ৰশাসন ৷

মালিগাঁৱৰ বিভিন্ন আৱাসিক এলেকাত মাইকেৰে সতৰ্কবাণী ঘোষণা

লগতে পঢ়ক :অখিল গগৈক মুকলি কৰি দিবলৈ ভাৰত চৰকাৰক ৰাষ্ট্ৰসংঘৰ আহ্বান

ABOUT THE AUTHOR

...view details