অসম

assam

২৭ আগষ্টৰ ভিতৰত গৰ্গ চেটাৰ্জীক গুৱাহাটী আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ

By

Published : Aug 12, 2020, 3:48 PM IST

চ্যুকাফাৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা গৰ্গ চেটাৰ্জীক গুৱাহাটীৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ । কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে নিৰ্ধাৰণ কৰি দিছে ২৭ আগষ্টৰ সময়সীমা ৷

Comment on Siu ka Pha: Gargya Chatterjee asked to appear in Guwahati court
২৭আগষ্টৰ ভিতৰত গৰ্গ চেটাৰ্জীক গুৱাহাটী আদালতত হাজিৰৰ নিৰ্দেশ

গুৱাহাটী,১২আগষ্টঃস্বৰ্গদেউ চ্যুকাফাৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা কলকাতাৰ তথাকথিত বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীৰ গ্ৰেপ্তাৰৰ নিৰ্দেশনাক বাৰে বাৰে ভেঙুচালি কৰি আহিছে কলকাতা আৰক্ষীয়ে । শেহতীয়াকৈ কলকাতাৰ আৰক্ষী আয়ুক্তক কঠোৰ নিৰ্দেশ দিছে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে । ২৭ আগষ্টৰ ভিতৰত গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰি গুৱাহাটীৰ আদালতত হাজিৰৰ নিৰ্দেশ দিছে।

গৰ্গ চেটাৰ্জী

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২৪ জুন আৰু ৩ জুলাইৰ ভিতৰত চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে । ২৪ জুনত মহানগৰ আৰক্ষীয়ে তথাকথিত বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীৰ গ্ৰেপ্তাৰী পৰোৱানা কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত জমা দিছিল । লগতে কলকাতা আৰক্ষীয়ে সহযোগিতা আগবঢ়োৱা নাই বুলিও অৱগত কৰাইছিল আৰু বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনাইছিল । কিন্তু আদালতৰ নিৰ্দেশক অৱমাননা কৰি পৰোক্ষভাৱে গৰ্গ চেটাৰ্জীক সুৰক্ষা দি আহিছে কলকাতা আৰক্ষীয়ে ।

উল্লেখ্য যে, আহোম স্বৰ্গদেউ চ্যুকাফাই চীনৰ পৰা আহি অসম আক্ৰমণ কৰিছিল বুলি কটু মন্তব্য কৰি অসমীয়া ৰাইজৰ ৰোষত পৰিছিল কলকাতাৰ গৰ্গ চেটাৰ্জী । বৰঅসমৰ ভেঁটি গঢ়োতা স্বৰ্গদেউ চ্যুকাফাক কৰা অপমানৰ পিছতে ক্ষোভিত হৈ পৰিছিল অসমৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন।

লগতে চাওকঃশৈশৱৰ পৰাই মৰমলগা এগৰাকী অভিনেত্ৰী,জানেনে কোন ?

For All Latest Updates

ABOUT THE AUTHOR

...view details