অসম

assam

ETV Bharat / state

দীপাৱলী পৰ্যন্ত ৰাজ্য চৰকাৰক সাজু থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

আজি দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে হোৱা ভিডিঅ' কনফাৰেঞ্চৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণও উপস্থিত থাকে ৷ দীপাৱলী পৰ্যন্ত চৰকাৰক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাজু হৈ থাকিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

By

Published : Apr 2, 2020, 7:53 PM IST

ৰাজ্য চৰকাৰক সাজু থাকিবলৈ ক'লে প্ৰধানমন্ত্ৰীয়ে
ৰাজ্য চৰকাৰক সাজু থাকিবলৈ ক'লে প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটী, ২ এপ্ৰিলঃ পৰিস্থিতি খুবেই ভয়াৱহ । আজি দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে হোৱা ভিডিঅ' কনফাৰেঞ্চত তাৰেই ইংগিত দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । আজি জনতা ভৱনৰ পৰা ভিডিঅ' কনফাৰেঞ্চত প্ৰধানমন্ত্ৰীৰ সৈতে ভাগ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই । ৰাজ্য চৰকাৰে COVID -19 ৰ সৈতে যুঁজিবলৈ হাতত লোৱা সকলো পদক্ষেপৰ বিষয়ে সোণোৱালে প্ৰধানমন্ত্ৰী গৰাকীক অৱগত কৰে । তাৎপৰ্যপূৰ্ণ যে, এই পৰিস্থিতি সহজে স্বাভাৱিক নহ'ব । প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেঞ্চত তাৰেই ইংগিত দি আগন্তুক দীপাৱলী পৰ্যন্ত চৰকাৰক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাজু হৈ থাকিবলৈ আহ্বান জনায় ।

ভিডিঅ' কনফাৰেঞ্চযোগে দীপাৱলী পৰ্যন্ত ৰাজ্য চৰকাৰক সাজু থাকিবলৈ ক'লে প্ৰধানমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details