অসম

assam

ETV Bharat / state

Teenage Pregnancy Ratio in Assam: উদ্বেগজনক ! কিশোৰী গৰ্ভৱতী হোৱা তথ্যই কঁপাইছে ৰাজ্য - Crackdown on child marriage in Assam

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা তথ্যই উদ্বিগ্ন কৰি তুলিছে ৰাজ্যবাসীক ৷ যি তথ্যত প্ৰকাশ পাইছে ৰাজ্যত কিশোৰী গৰ্ভৱতী হোৱাৰ এক ভয়ংকৰ ছবি(Teenage Pregnancy Ratio in Assam) ৷ 2022 চনত ৰাজ্যত গৰ্ভৱতী হৈছে 19 বছৰৰ তলৰ 1,04,264 গৰাকী কিশোৰী ৷

Teenage Pregnancy Ratio in Assam
উদ্বেগজনক ! কিশোৰী গৰ্ভৱৰ্তী হোৱা তথ্যই কঁপাইছে ৰাজ্য

By

Published : Feb 6, 2023, 7:47 PM IST

Updated : Feb 6, 2023, 8:02 PM IST

গুৱাহাটী, 6 ফেব্ৰুৱাৰী: ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে অব্যাহত আছে ব্যাপক অভিযান ৷ কিন্তু ইয়াৰ মাজতে পোহৰলৈ আহিছে এক উদ্বেগজনক তথ্য ৷ যি তথ্যই উন্মোচন কৰিছে ৰাজ্যত সংঘটিত হোৱা বাল্যবিবাহ আৰু কিশোৰী গৰ্ভৱতী হোৱা বা কিশোৰীয়ে সন্তান জন্ম দিয়াৰ এখন ভয়ংকৰ ছবি(Teenage Pregnancy Ratio in Assam) ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে সামাজিক মাধ্যমৰ যোগেদি ৰাজ্যত 19 বছৰৰ তলৰ কিশোৰী গৰ্ভৱতী হোৱাৰ উদ্বেকজনক তথ্য প্ৰকাশ কৰিছে । RCH(Reproductive Child Health) পৰ্টেলৰ তথ্য অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে 2022 চনত ৰাজ্যত 19 বছৰৰ তলৰ 1,04,264 গৰাকী কিশোৰী গৰ্ভৱতী হৈছে । অৰ্থাৎ 2022 চনত গৰ্ভৱতী হোৱা মুঠ মহিলাৰ ভিতৰত 16.8 শতাংশ হ'ল 19 বছৰৰ তলৰ ।

তথ্য মতে 2022 চনত ৰাজ্যত 19 বছৰৰ তলৰ কিশোৰী গৰ্ভৱতী হোৱা জিলাৰ ভিতৰত বৰপেটা জিলা আছে প্ৰথম স্থানত ৷ দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ধুবুৰী, দক্ষিণ শালমাৰা আৰু গোৱালপাৰা জিলা । বৰপেটা জিলাত 11658 গৰাকী, ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাত 14438 গৰাকী আৰু গোৱালপাৰা জিলাত 6250 গৰাকী 19 বছৰ তলৰ কিশোৰী গৰ্ভৱতী হৈছে । আনহাতে, নগাঁও আৰু হোজাই জিলাত 12,188 গৰাকী , ওদালগুৰি জিলাত 1543 গৰাকী, কামৰূপ মহানগৰ জিলাত 1943 গৰাকী , বাক্সা জিলাত 1690 গৰাকী , শোণিতপুৰ আৰু বিশ্বনাথ জিলাত 3909 গৰাকী , বঙাইগাঁও জিলাত 3293 গৰাকী , কাছাৰ জিলাত 4049 গৰাকী কিশোৰী গৰ্ভৱতী হৈছে ৷

ইয়াৰ সমান্তৰালভাৱে, শিৱসাগৰ আৰু চৰাইদেউ জিলাত 1362 গৰাকী , চিৰাং জিলাত 1644 গৰাকী , দৰং জিলাত 4584 গৰাকী , ধেমাজি জিলাত 1944 গৰাকী , ডিব্ৰগড় জিলাত 1600 গৰাকী , ডিমা হাচাও জিলাত 431 গৰাকী , মৰিগাঁও জিলাত 4254 গৰাকী , গোলাঘাট জিলাত 1864 গৰাকী , যোৰহাট আৰু মাজুলী জিলাত 1596 গৰাকী , কামৰূপ জিলাত 4773 গৰাকী কিশোৰী গৰ্ভৱতী হৈছে ৷ যি তথ্যই এতিয়া উদ্বিগ্ন কৰি তুলিছে ৰাজ্যবাসীক ৷

ইফালে, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত 2750 গৰাকী, কৰিমগঞ্জ জিলাত 3833 গৰাকী , কোকৰাঝাৰ জিলাত 3759 গৰাকী , লখিমপুৰ জিলাত 2284 গৰাকী, নলবাৰী জিলাত 2842 গৰাকী , তিনিচুকীয়া জিলাত 1811 গৰাকী আৰু হাইলাকান্দি জিলাত 1944 গৰাকী ১৯ বছৰৰ তলৰ কিশোৰী গৰ্ভৱতী হৈছে ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে‌ সামাজিক মাধ্যমৰ জৰিয়তে এই সমস্যা সমাধান‌ নোহোৱা পৰ্যন্ত বাল্যবিবাহৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ ইংগিত দিছে(Crackdown on child marriage in Assam) । এই ক্ষেত্ৰত ‌সকলোৰে সহযোগিতা কামনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ কৰা প্ৰয়োজন যে, RCH পৰ্টেলৰ আন এক তথ্য মতে, অসমত 2022 চনৰ এপ্ৰিলৰ পৰা 7 ডিচেম্বৰলৈ 4909টি শিশুৰ মৃত্যু হৈছে(Child death ration in Assam) । যোৱা পাঁচ বছৰত ৰাজ্যত মৃত্যু হৈছে 40,000 টি শিশুৰ ৷ আনহাতে, যোৱা বছৰত অসমত 4000 গৰাকী গৰ্ভৱতী প্ৰসূতিৰ মৃত্যু হৈছে । এই মৃত্যুৰ অন্যতম কাৰণ বাল্যবিবাহ বুলি চিহ্নিত কৰা হৈছে । শেহতীয়া তথ্য মতে সোমবাৰলৈ ৰাজ্যত বাল্য বিবাহৰ সৈতে জড়িত 2441 গৰাকীলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক:Child Marriage in Jorhat: উদ্বেগজন ! JMCHত 2022 বৰ্ষত সন্তান প্ৰসৱ 340গৰাকী কিশোৰীৰ

Last Updated : Feb 6, 2023, 8:02 PM IST

ABOUT THE AUTHOR

...view details