অসম

assam

ETV Bharat / state

আৱাসগৃহ নিৰ্মাণৰ কেন্দ্ৰীয় আধাৰশিলা স্থাপন অনুষ্ঠান মুকলি মুখ্যমন্ত্ৰীৰ - আৱাসগৃহ

সৰুসজাইত কেন্দ্ৰীয়ভাৱে "প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)"ৰ অধীনত 1 লাখতকৈ অধিক আৱাসগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন অনুষ্ঠান মুকলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আৱাসগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন অনুষ্ঠান মুকলি মুখ্যমন্ত্ৰীৰ

By

Published : Aug 6, 2019, 8:45 PM IST

গুৱাহাটী, 6 আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ আঁচনি "প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)"ৰ অধীনত শীঘ্ৰেই গৃহহীন এক লাখ পৰিয়ালে লাভ কৰিব আৱাসগৃহ ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগে 2019-20 বিত্তীয় বৰ্ষত 2 লাখ আৱাসগৃহ নিৰ্মাণৰ লক্ষ্য হাতত লৈ 1,22,304 টা আৱাসগৃহৰ মঞ্জুৰী লাভ কৰিছে ৷ মঙলবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পত বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলে,মন্ত্ৰী পীয়ুষ হাজৰিকা,মন্ত্ৰী ভৱেশ কলিতাকে ধৰি বহু কেইজন বিধায়কৰ উপস্থিতিত 1 লাখতকৈ অধিক আৱাসগৃহ নিৰ্মাণৰ কেন্দ্ৰীয়ভাৱে আধাৰশিলা স্থাপন অনুষ্ঠান মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই অনুষ্ঠানতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত এক হাজাৰ আত্মসহায়ক গোটক ঋণ প্ৰদানৰ লগতে পণ্ডিত দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ অধীনত বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষিত যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰে ৷

আৱাসগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন অনুষ্ঠান মুকলি মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details