গুৱাহাটী, ২৯ মে' : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে লোক নিৰ্মাণ (গৃহ) বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ বিভাগটোৰ অধীনত ৰূপায়িত হৈ থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে ।
মুখ্যমন্ত্ৰীয়ে গুৱাহাটী মেডিকেল কলেজ হাস্পতাল চৌহদত নির্মীয়মান ছুপাৰ স্পেচিয়েলিটী হাস্পতাল, শিলচৰ মেডিকেল কলেজ হাস্পতালত নির্মীয়মান ৫০০ খন বিছনাযুক্ত জৰুৰীকালীন চিকিৎসালয় , গুৱাহাটীৰ অসম কনভেনশ্যন চেণ্টাৰ আৰু ৰাজ্যিক অতিথিশালা, নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত নিৰ্মাণকাৰ্য চলি থকা নতুন চিকিৎসা মহাবিদ্যালয়সমূহৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় ।
নিৰ্মীয়মান প্ৰকল্পসমূহৰ কাম-কাজ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ তেওঁ বিভাগটোক নিৰ্দেশ দিয়ে । ধুবুৰী, নগাঁও, নলবাৰী আৰু তিনিচুকীয়া মেডিকেল কলেজৰ নিৰ্মাণকাৰ্য ক্ষীপ্ৰ কৰি তোলাৰ নিৰ্দেশ দিয়াৰ লগতে অহা বছৰৰ পৰা ধুবুৰী অথবা নলবাৰী মেডিকেল কলেজৰ পাঠদান আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে ।