অসম

assam

অস্ত্ৰধাৰী সংগঠন শেষ নোহোৱালৈকে অসমত থাকিব AFSPA : হিমন্ত বিশ্ব শৰ্মা

By

Published : Sep 12, 2021, 5:51 PM IST

যেতিয়ালৈকে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এটাও অস্ত্ৰধাৰী সংগঠন শেষ হৈ নাযায় তেতিয়ালৈকে উত্তৰ-পূৰ্বাঞ্চলত সামৰিক সংগঠন মজুত থাকিব । এইটো এটা চৰকাৰী প্ৰক্ৰিয়া আৰু এইটো চলি থাকিব । অসমক পুনৰ অশান্ত অঞ্চল ঘোষণা সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

অসমক পুনৰ অশান্ত অঞ্চল ঘোষণাকলৈ কি ক'লে মুখ্যমন্ত্রীয়ে
অসমক পুনৰ অশান্ত অঞ্চল ঘোষণাকলৈ কি ক'লে মুখ্যমন্ত্রীয়ে

গুৱাহাটী, ১২ ছেপ্তেম্বৰ : অসমক পুনৰ ছমাহলৈ অশান্ত অঞ্চল ৰূপে ঘোষণা কৰা হ'ল । সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অধীনত ৰাজ্যখনক "অশান্ত এলেকা" ৰূপে চিহ্নিত কৰি পুনৰ ছমাহলৈ এই আইনৰ ম্যাদ বৃদ্ধি কৰা হৈছে । ১৯৯০ চনৰ নৱেম্বৰত অসমত জাপি দিয়া আইনখনৰ ম্যাদ ছমাহৰ মূৰে মূৰে বৃদ্ধি কৰি অহা হৈছে ।

অসমক পুনৰ অশান্ত অঞ্চল ঘোষণাকলৈ কি ক'লে মুখ্যমন্ত্রীয়ে

সশস্ত্ৰ বাহিনীৰ (বিশেষ ক্ষমতা) আইন, ১৯৫৮'ৰ ধাৰা ৩ ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা প্ৰয়োগৰ ক্ষেত্ৰত অসম চৰকাৰে সমগ্ৰ অসমক ২৮ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ ছয় মাহলৈকে "অশান্ত এলেকা" হিচাপে ঘোষণা কৰিছে ।

লগতে পঢ়ক: মাজুলীত দলং নিৰ্মাণ হোৱাত বাধা প্ৰদান কৰিছিল সত্ৰাধিকাৰ সকলে: জুৰি বৰা বৰগোহাঞি

এই সন্দৰ্ভত দেওবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে, ইয়াত উগ্ৰবাদী সংগঠন আছে যেতিয়া ম্যাদ বঢ়াবই লাগিব ।

যেতিয়ালৈকে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এটাও অস্ত্ৰধাৰী সংগঠন শেষ হৈ নাযায় তেতিয়ালৈকে উত্তৰ-পূৰ্বাঞ্চলত সামৰিক সংগঠন মজুত থাকিব । সেয়েহে সুৰক্ষাৰ বাবে সামৰিক তথ‍া অৰ্ধ সামৰিক বাহিনীক অসমত ক্ষমতা দিয়া হৈছে । যেতিয়া লৈকে শান্তি আলোচনা সম্পূৰ্ণ নহয় তেতিয়া লৈকে অসমত সামৰিক শক্তি সষ্টম হৈ থাকিব । এইটো এটা চৰকাৰী প্ৰক্ৰিয়া আৰু এইটো চলি থাকিব ।

লগতে পঢ়ক: প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী

ABOUT THE AUTHOR

...view details