অসম

assam

ETV Bharat / state

আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ৩৬ গৰাকী চাকৰি প্ৰাৰ্থীক মুকলিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ - আৰক্ষী নিযুক্তি পৰীক্ষাৰ ফলাফল

আৰক্ষী নিযুক্তি পৰীক্ষাৰ ফলাফল শীঘ্ৰেই ঘোষণাৰ দাবীত তীব্ৰ প্ৰতিবাদত সাব্যস্ত কৰিছিল বহুসংখ্যক প্ৰতিবাদকাৰীয়ে(Demand for results of police recruitment test) । তাৰ মাজতে গ্ৰেপ্তাৰ কৰা হৈছিল ৩৬ গৰাকী প্ৰতিবাদী চাকৰি প্ৰাৰ্থীক (Police arrested 36 protesters)। সমগ্ৰ বিষয়টো মানৱীয় দৃষ্টিভংগীৰে চাই ৩৬ চাকৰি প্ৰাৰ্থীক মুকলিৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ (Cm orders to release the protestors arrested from DGP office) ।

Protest for results of police recruitment test
আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ৩৬ গৰাকী চাকৰিপ্ৰাৰ্থীক মুকলিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

By

Published : Apr 25, 2022, 4:57 PM IST

গুৱাহাটী, ২৫ এপ্ৰিল : যােৱা ১৯ এপ্রিলত গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কার্যালয়ৰ সন্মুখত আৰক্ষী নিযুক্তি পৰীক্ষাৰ ফলাফল শীঘ্ৰে ঘােষণা কৰিবলৈ দাবী জনাই ধর্ণা কার্যসূচী ৰূপায়ণ কৰিছিল বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে (Protest for results of police recruitment test) । ইয়াৰ মাজতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৩৬ গৰাকী প্ৰতিবাদী চাকৰিপ্ৰাৰ্থীক (Police arrested protesters in Assam DGP Office) । পৰৱৰ্তী সময়ত তেওঁলােকক প্ৰেৰণ কৰা হয় ন্যায়িক জিম্মালৈ ।

আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ৩৬ গৰাকী চাকৰিপ্ৰাৰ্থীক মুকলিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

সোমবাৰে সমগ্ৰ বিষয়টোত হস্তক্ষেপ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । বিষয়টো মানৱীয় তথা সহানুভুতিৰ দৃষ্টিভংগীৰে চোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ । লগতে ৩৬ গৰাকী চাকৰিপ্ৰাৰ্থী প্ৰতিবাদকাৰীকে অতিশীঘ্ৰেই মুকলি কৰি দিয়াৰো নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই চাকৰিপ্ৰাৰ্থীসকল যাতে শীঘ্ৰেই মুকলি হয় সেই দিশত যথাযথ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নির্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি আৰক্ষী নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা নকৰাত অতিষ্ঠ হৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছিল এইসকল প্ৰাৰ্থী (Protest in Assam DGP office)। বৰ্তমানেও অতিশীঘ্ৰেই আৰক্ষী নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক:বিলাসীপাৰাত অভাৰ লোড বালি ভৰ্তি ডাম্পাৰে প্ৰাণ ল‘লে দুজনৰ

ABOUT THE AUTHOR

...view details