অসম

assam

গণতন্ত্ৰ দিৱসৰ বিস্ফোৰণঃ ডিজিপিক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

By

Published : Jan 26, 2020, 12:26 PM IST

গণৰাজ্য দিৱসৰ দিনাই বিস্ফোৰণত কঁপিল মুখ্যমন্ত্ৰীৰ গৃহচহৰ ৷ অতি শীঘ্ৰেই তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

CM ordered to investigation of todays blast
গণতন্ত্ৰ দিৱসৰ বিস্ফোৰণঃ ডিজিপিক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ২৬ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ পুৱাতেই মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড় আৰু চৰাইদেউত দুটাকৈ গ্ৰেনেড বিস্ফোৰণে জোকাৰি গ’ল সমগ্ৰ ৰাজ্য । খানাপাৰাত অনুষ্ঠিত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ভাগ লোৱাৰ পিচতেই এই সন্দৰ্ভত ব্যৱস্থা ল’বলৈ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এই বিস্ফোৰণৰ অতি শীঘ্ৰেই তদন্ত কৰি ইয়াৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

গণতন্ত্ৰ দিৱসৰ বিস্ফোৰণঃ ডিজিপিক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details