অসম

assam

By

Published : Jan 28, 2022, 9:52 PM IST

ETV Bharat / state

Mission Sadbhabana: ১ ফেব্রুৱাৰীৰ পৰা অসমত আৰম্ভ সদ্ভাৱনা প্রকল্প

সদ্ভাৱনা প্ৰকল্পৰ শুভাৰম্ভণিৰ প্ৰাকক্ষণত জনতা ভৱনৰ বিষয়া-কৰ্মচাৰী সকলৰ সৈতে কলাক্ষেত্রত মত-বিনিময় অনুষ্ঠান। ১ ফেব্রুৱাৰীৰ অসমত আৰম্ভ হ’ব সদ্ভাৱনা প্রকল্প। ২০২৩ৰ ১০ মে'ৰ ভিতৰত অমীমাংসিত ফাইলসমূহ নিষ্পত্তিকৰণৰ লক্ষ্য স্থিৰ। মসৃণ ৰাজহুৱা সেৱা প্ৰদানৰ লক্ষ্যৰে ই-অফিচ ব্যৱস্থা প্ৰৱৰ্তনৰ দিশত অগ্ৰসৰ হৈছে অসম চৰকাৰ।

Exchanging views of Secretariat officers by CM
১ ফেব্রুৱাৰীৰ অসমত আৰম্ভ হ’ব সদ্ভাৱনা প্রকল্প

গুৱাহাটী, 28 জানুৱাৰী : ৰাজ্য চৰকাৰৰ সদ্ভাৱনা প্ৰকল্পৰ শুভাৰম্ভণিৰ প্ৰাকক্ষণত শুকুৰবাৰে জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে মত-বিনিময় কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই(cm interaction with secretariat officials at kalakshetra)। এই উপলক্ষ্যে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

বিভিন্ন সময়ত অসম চৰকাৰে জনহিতাৰ্থে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু সদ্ভাৱনা প্ৰকল্পই অসম চৰকাৰৰ এই লক্ষ্যপ্ৰাপ্তিত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আশা প্ৰকাশ কৰা হৈছে । ৰাজ্য চৰকাৰে এই প্ৰকল্পৰ জৰিয়তে ২০২৩ৰ ১০ মে'ৰ ভিতৰত অমীমাংসিত ফাইলসমূহ নিষ্পত্তিকৰণৰ লক্ষ্য স্থিৰ কৰি লৈছে আৰু সকলো কৰ্মচাৰীয়ে এইক্ষেত্ৰত সকলো ধৰণে সহযোগিতা আগবঢ়াব লাগিব স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে(secretariat officials with Interact with Chief Minister)।

১ ফেব্রুৱাৰীৰ পৰা অসমত আৰম্ভ সদ্ভাৱনা প্রকল্প

মসৃণ ৰাজহুৱা সেৱা প্ৰদানৰ লক্ষ্যৰে ই-অফিচ (E-Office)ব্যৱস্থা প্ৰৱৰ্তনৰ দিশত অগ্ৰসৰ হৈছে অসম চৰকাৰ। শুকুৰবাৰে দ্বিতীয়বাৰৰ বাবে প্রশাসনিক বিষয়াৰে মত বিনিময় কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিগত ২৫ জানুৱাৰীতো মিছন সদ্ভাৱনাৰ শুভাৰম্ভণি হিচাপে মত বিনিময় কৰিছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই । এই মত বিনিময়ৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে, অহা ১ ফেব্রুৱাৰীৰ পৰা অসমত আৰম্ভ হ’ব সদ্ভাৱনা প্রকল্প।

উল্লেখ্য যে , অনুষ্ঠানত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী বিষয়া-কৰ্মচাৰী সকলক অধিক দায়িত্বশীল হ’বলৈ আহ্বান জনোৱাৰ লগতে মুখ্যমন্ত্রীয়ে প্রজেক্ট সদ্ভাৱনাত প্রতিগৰাকী চৰকাৰী বিষয়া-কৰ্মচাৰীৰ সহযোগিতা বিচাৰে।

১ ফেব্রুৱাৰীৰ অসমত আৰম্ভ হ’ব সদ্ভাৱনা প্রকল্প

তেওঁ কয় যে, পেঞ্চনৰ কাম কৰ্মচাৰীসকলে নিজে আগভাগ লৈ কৰিব লাগে। কাৰণ তেওঁলোকৰ সেয়া নিজৰ কৰ্তব্য। এই কাম মুখ্যমন্ত্রীয়ে কিয় কৰিব লাগে বুলি উল্লেখ কৰি তেওঁ কয় যে "কৰ্মচাৰী পৰিষদে বিভিন্ন সমস্যা লৈ আহে, কিন্তু পেঞ্চনৰ কথা একো নকয়। তেওঁলোকে কৰ্মচাৰীৰ অৱসৰৰ পিছৰ ফাইল ৰখাই থ’ব নালাগে । সেয়া তেওঁলোকৰ সতীৰ্থৰ কাম। মুখ্যমন্ত্রীয়ে কয় যে নিয়ম ভঙাৰ কাম আৰম্ভ হ’লে ফাইলৰ দ’ম হয়। অসমখনত পৰিৱৰ্তন আনিব লাগিব, নহ’লে আমাৰ সন্তানে সমস্যা ভুগিব লাগিব । এই সন্দৰ্ভত কেবিনেটত এখন কৰ কমিটী বনাই দিয়া হৈছে আৰু তেওঁলোকে এখন এছ অ' পি বনাই ফাইলসমূহ নিষ্পত্তি কৰিব। ২০২৩ৰ ১০মে’ৰ পূৰ্বে পুৰণি ফাইলৰ কাম নিষ্পত্তি কৰা হ’ব।"

মিছন বসুন্ধৰাৰ কামত সফল হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে, "ভবাতকৈ বেছি মানুহে মিছন বসুন্ধৰাত আবেদন কৰিছে। এতিয়া মিছন বসুন্ধৰা-২ৰ কাম আৰম্ভ কৰা হ'ব । জনতা ভৱনত স্বচ্ছতা আনিব লাগিব লগতে গ্রীণ এণ্ড ক্লিন সচিবালয় হ’ব লাগিব। সচিবালয়ত ড্রেচ কোড বুলি কথা নাই, সকলোৱে ভাল কাপোৰ পিন্ধি আহিলে হ’ল আৰু ২০২৩ৰ ১০মে’ৰ পৰা সচিবালয়ত কাগজবিহীন কাম আৰম্ভ কৰা হ'ব ৷" এনেধৰণে মন্তব্য কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক :মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষা সন্দৰ্ভত ছেবাৰ সৈতে আছুৰ বৈঠক

ABOUT THE AUTHOR

...view details