অসম

assam

ETV Bharat / state

চিনেমাক ৰাজনৈতিক দৃষ্টিভংগীৰে চোৱা‌ উচিত নহয়: মুখ্যমন্ত্ৰী

Aideu Handique Cinema Hall: গুৱাহাটীত আইদেউ সন্দিকৈৰ স্মৃতিত ছবিগৃহ উদ্বোধন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ চিনেমাক ৰাজনৈতিক দৃষ্টিভংগীৰে চোৱা উচিত নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 10:09 PM IST

first Assamese heroin
Aideu Handique

আইদেউ সন্দিকৈৰ স্মৃতিত ছবিগৃহ উদ্বোধন
গুৱাহাটী, ১৫ জানুৱাৰী:ভোগালী বিহুৰ দিনাই ৰাজ্যত মুকলি কৰা হ'ল এটি নতুন ছবিগৃহ । অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ উদ্যোগত পাঞ্জাবাৰীত নিৰ্মাণ কৰা হৈছে ছবিগৃহটি । অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথমগৰাকী নায়িকা আইদেউ সন্দিকৈৰ স্মৃতিত নিৰ্মাণ কৰা এই ছবিগৃহটো মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । একেটা অনুষ্ঠানতে নিগমৰ দ্বাৰা প্ৰযোজিত আৰু কুলনন্দিনী মহন্তৰ দ্বাৰা পৰিচালিত ‘বাৰেচহৰীয়া ভাওনা’ আৰু জেং এণ্টাৰটেইনমেণ্ট আৰু নিগমৰ দ্বাৰা সহ-প্ৰযোজনাৰে ৰক্তিম কমল বৰুৱাৰ দ্বাৰা পৰিচালিত ‘গোলাই চোৰ’ নামৰ দুখন তথ্য-চিত্ৰও শুভমুক্তি দিয়া হয় ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে ১৯৭৪ চনত স্থাপন হোৱা অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে চলিত বৰ্ষৰ ৪ ছেপ্টেম্বৰত ৫০ বছৰ সম্পূৰ্ণ কৰিব । সোণালী জয়ন্তীৰ দুৱাৰদলিত উপনীত হোৱা নিগমৰ বাবে অসমীয়া কথাছবিৰ প্ৰথমগৰাকী নায়িকা আইদেউ সন্দিকৈৰ নামত উৎসৰ্গিত এই ছবিগৃহৰ উদ্বোধন নিঃসন্দেহে এক গভীৰ প্ৰাপ্তি আৰু আনন্দৰ অভিজ্ঞতা ৷

তেওঁ লগতে কয় যে ২০১৩ চনত এই ছবিগৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল আৰু ৫.৫৫ কোটিৰো অধিক টকা ব্যয়ৰে ২৪০ খন আসনযুক্ত এই ছবিগৃহ উন্নত প্ৰযুক্তিৰ সংযোজনেৰে নিৰ্মাণ কৰা হৈছে । ৰাজ্যত চলচ্চিত্ৰ নিৰ্মাণ আৰু প্ৰদৰ্শনৰ এক ইতিবাচক আৰু সুস্থ পৰিৱেশ গঢ়িবলৈ ৰাজ্য চৰকাৰে প্ৰয়াস চলাই আহিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ জৰিয়তে কেইবালানিও পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ নিগমে ইতিমধ্যে ৫ কোটি টকাৰ অৰ্থ সাহায্যৰে ৰাজ্যত ৫ টা নতুন ছবিগৃহৰ নিৰ্মাণ আৰু ৯ টা পুৰণি ছবিগৃহৰ পুনৰ নিৰ্মাণৰ কাম কৰি আছে ।

তেওঁ আৰু কয় যে নিগমে ৫৬ জন আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ নিৰ্মাৰ্তা আৰু প্ৰযোজকক সৰ্বমুঠ ১ কোটি টকাৰ অৰ্থ সাহায্য প্ৰদান কৰিছে । ৰাজ্যৰ সাংস্কৃতিক জগতখন চহকী কৰা শিল্পীসকলৰ প্ৰতি ৰাজ্য চৰকাৰে দায়বদ্ধতাৰে পদক্ষেপ লৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে নিগমৰ শিল্পী কল্যাণ নিধিৰ কৰ্পাছৰ পৰা ২৩৯ গৰাকী শিল্পীক ৮৬ লাখৰো অধিক টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে ।

মুখ্যমন্ত্ৰীয়ে কয় যে চিনেমাৰ মুক্তিক ৰাজনৈতিক দৃষ্টিভংগীৰে চোৱা‌ উচিত নহয় । চিনেমাক শিল্পীসুলভ দৃষ্টিভংগীৰে চোৱা উচিত । যোৱা সময়ছোৱাত অসমৰ ৰাজনৈতিক পৰিৱেশে কিছুমান কথাছবি পৰিচালকৰ বাবে অনৈতিক পৰম্পৰা গঢ়ি তুলিছে । অসমত ভাল ছবি চোৱাৰ পৰিৱেশ গঢ়ি তোলা উচিত । অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা, অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ আদি উপস্থিত থাকে ।

লগতে পঢ়ক:বয়োজ্যেষ্ঠ সকলৰ সৈতে মাঘ বিহু উদযাপন বিধায়ক মৃণাল শইকীয়াৰ

ABOUT THE AUTHOR

...view details