গুৱাহাটী, 19 মে’: প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধন কৃষকক মুকলি ৰাজ্য চৰকাৰৰ ৷ শুকুৰবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত প্ৰাকৃতিক কৃষি সম্মিলন, ২০২৩ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই যোজনাৰ হিতাধিকাৰীক মুকলি কৰি দিয়ে ধন (PM Fasal Bima Yojana) ৷
অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই (CM Himanta Biswa Sarma) কয় যে, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে ইতিমধ্যে ৰাজ্যত এক লাখ ১৪ হাজাৰ ২১৮ গৰাকী কৃষক উপকৃত হৈছে ৷ ২০১৯ চনৰ পৰা অসমত আৰম্ভ হোৱা এই যোজনাৰ জৰিয়তে এতিয়ালৈকে ৮ লাখ ৩৪ হাজাৰ ৪৫৯ জন কৃষকে ৫০৪ কোটি টকা বীমাৰ ধন লাভ কৰিছে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘আজিৰে পৰা নতুনকৈ ২৩৪ কোটি টকাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধন বিতৰণ কৰা হ’ব ৷ ইয়াৰ জৰিয়তে ৩ লাখ ২৪ হাজাৰ ৬৫ হাজাৰ জন কৃষক উপকৃত হ’ব ৷ ইয়াৰ ভিতৰত বাক্সা জিলাত ১০১ গৰাকী কৃষকে ২৯ লাখ টকা, বৰপেটাৰ ৮২৮৪ গৰাকী কৃষকে ৩৩ লাখ টকা লাভ কৰিব ৷’’
তেওঁ লগতে কয় যে, গাখীৰ উৎপাদন কৰা কৃষককো চৰকাৰৰ ৰাজ সাহায্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত প্ৰাকৃতিক কৃষি খণ্ডক উদগনি আৰু কৃষকৰ মাজত জনপ্ৰিয় কৰি তোলাৰ বাবে পৰামৰ্শ আগবঢ়োৱাৰ কথা উল্লেখ কৰি ৰাসায়নিক সাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Natural farming conclave in Guwahati) ৷