গুৱাহাটী, ২৭ জুলাই : লাভ জিহাদ কি ? ধুনীয়া ধুনীয়া মুছলিম শিক্ষিত ছোৱালীসকলক কোনে বিয়া কৰোৱা উচিত ? শিক্ষিত হিন্দু ল’ৰা-ছোৱালীয়ে কাক বিয়া কৰোৱা উচিত ? আপুনি ব্যাখ্যা বা পৰামৰ্শ যিয়েই নকওঁক এই সকলো কথাৰে সমাধান সূত্ৰ আগবঢ়াইছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰ আৰু লাভ জিহাদ প্ৰসংগত প্ৰতিক্ৰিয়া অব্যাহত আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ লাভ জিহাদ আৰু হিন্দু-মুছলমানৰ মাজৰ বিয়া প্ৰসংগতো মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে আগবঢ়ালে বিশেষ মন্তব্য ৷ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লাভ জিহাদ প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্যক কৰা সমালোচনাৰো প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
লাভ জিহাদ কাক কোৱা হয় ?
সাংবাদিকে এপিচিচিৰ সভাপতি ভূপেন বৰাই কৰা সমালোচনা প্ৰসংগত কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ক’লে, “লাভ জিহাদ কাক বোলা হয় ? যেতিয়া এগৰাকী যুৱতীক বিয়া কৰাই জোৰ কৰি ধৰ্মৰ পৰিৱৰ্তন কৰিবলৈ বাধ্য কৰোৱা হয় ৷ কৃষ্ণই ৰুক্মিণীৰ কোনো ধৰ্ম পৰিৱৰ্তন কৰা নাছিল ৷”
শিক্ষিত হিন্দু ল’ৰা-ছোৱালীয়ে কাক বিয়া কৰোৱা উচিত ?
তেওঁ আৰু কয়, ‘‘হিন্দু ল’ৰাই হিন্দু ছোৱালীক বিয়া কৰোৱা উচিত আৰু মুছলমান ল’ৰাই মুছলমান ছোৱালীক বিয়া কৰোৱা উচিত ৷ তেতিয়া সমাজখন শান্তিত থাকে ৷ যদিহে দুয়োটা ধৰ্মৰ মাজত প্ৰেম বিবাহ হয় তেন্তে সেয়া ভাৰতীয় সংবিধান অনুসৰি স্পেচিয়েল মেৰেজ এক্ট অনুসৰি কৰোৱা উচিত ৷” বঙাইগাঁৱত চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰ প্ৰসংগ উত্থাপনেৰে লাভ জিহাদ প্ৰসংগত এইদৰে ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷