গুৱাহাটী,১৪ এপ্ৰিল : অসমীয়া জাতিৰ বাবে আজি এটা অতি মংগলময় দিন । দুটা বছৰ ক'ভিডৰ বিভীষিকাৰ পাছত এইবাৰ ৰাইজে মুকলি মনৰে ব'হাগ বিহু উদযাপন কৰিব পাৰিছে (Bihu tradition in Assam)। বৃহস্পতিবাৰে গৰু বিহুৰ দিনা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিহু সন্মিলনীৰ ৭১সংখ্যক ৰঙালী বিহু উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি ক'লে এনেদৰে ।
গুৱাহাটী লতাশিল খেলপথাৰত (Latasil Bihu field) আয়োজন কৰা বিহুৰ অনুষ্ঠানত জাতীয় সাজ-পাৰ পৰিধান কৰি মুখ্যমন্ত্রীগৰাকীয়ে অংশ লয় (Himanta Biswa Sarma in Latasil Bihu) । বিহুৰ পতাকা উত্তোলন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে মুখ্যমন্ত্রীয়ে সন্মিলনীৰ বিহু আলোচনী উন্মোচন কৰে । তদুপৰি মুখ্যমন্ত্রীয়ে পিঠা, লাড়ুকে ধৰি বিহুৰ জলপানৰ সোৱাদ লয় । অসমবাসীৰ লগতে বিশ্বৰ বিভিন্ন স্থানত থকা প্ৰতিগৰাকী অসমীয়ালৈ বিহুৰ শুভেচ্ছা জনাই মুখ্যমন্ত্রীয়ে আশা প্ৰকাশ কৰে যে এই ব'হাগে জাতিটোক নতুন পথৰ সন্ধান দিব ।
তেওঁ কয় যে, বিহু অসমৰ সাংস্কৃতিক জনজীৱনৰ প্ৰকাশ, জাতীয় পৰিচয় । বৰ অসমৰ প্ৰসংগ উল্লেখ কৰি তেওঁ সকলোকে অসমীয়া জাতিক বিশ্বৰ শ্ৰেষ্ঠ জাতি হিচাপে গঢ়ি তোলাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । চান্দাৰ বিপৰীতে আমি আমাৰ নিজৰ বিহু উদযাপন কৰিম বুলি উল্লেখ কৰি তেওঁ এইক্ষেত্রত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে ।